নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত সাম্প্রদায়িক দলক উৎখাতৰ হুংকাৰ লুৰিণজ্যোতিৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বুধবাৰে আজমলৰ বৰঘৰ যমুনামুখ সমষ্টিত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ৷ দহ সহস্রাধিক লোক উপস্থিত থকা এই সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত আছিল দলৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ সভাত ভাষণ প্রসংগত গগৈয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি আগন্তুক নির্বাচনত সাম্প্রদায়িক দলসমূহক উৎখাত কৰাৰ হুংকাৰ দিয়ে৷ অসম জাতীয় পৰিষদৰ হোজাই জিলাৰ সভাপতি লুতফুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বেণী মাধৱ ঘোষে৷ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰি গগৈয়ে কয়, ‘চৰকাৰে ৰাইজক বিনামূলীয়া চাউল যোগান ধৰিছে, কিন্তু বিনামূলীয়া চাউল যোগান দি অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মুল্যবৃদ্ধি কৰি ৰাইজক শোষণ কৰি আছে৷

ছিণ্ডিকেট বন্ধ কৰাৰ প্রতিশ্রুতি দিয়া চৰকাৰখনৰ সন্মুখতে কয়লা, ছুপাৰিৰ ছিণ্ডিকেট চলি আছে৷ জাতি, মাটি আৰু ভেটিৰ কথা কোৱা চৰকাৰখনে জাতিক ঠগিলে, মাটি বাংলাদেশক চমজাই দিলে আৰু ভেটিত ‘কা’ বলৱৎ কৰি বাংলাদেশীক বৰপীৰা পাৰি দিলে৷’ গগৈয়ে বিজেপিক পুলিয়ে–পোখাই উৎখাত কৰিব বুলি হুংকাৰ প্রদান কৰে৷ ২০২১ত এজেপি দলেই চৰকাৰ কৰিব বুলি দাবী কৰি অজাপৰ চৰকাৰ আহিলে ‘কা’ আইন বলৱৎ হ’বলৈ নিদিয়াৰ হুংকাৰ দিয়ে৷ হোজাইৰ নীলবাগানৰ মোবাৰকবস্তিত অনুষ্ঠিত সভাত অজাপৰ আহ্বানত ৰাইজে নিজে নিজে আহি দলটোলৈ বৰঙণি আগবঢ়ায়৷ বহুতে এশ–দুশকৈ দান কৰে এজেপি দলৰ সাংগঠনিক কাম–কাজৰ বাবে৷ হোজাইৰ ডবকাৰ কর্ডবা স্কুলৰ এগৰাকী কণমানিয়েও নিজৰ সাঁচি ৰখা টকাৰ বাকচটো আনুষ্ঠানিকভাৱে লুৰিণজ্যোতি গগৈৰ হাতত প্রদান কৰে৷ এজেপিৰ চৰকাৰ আহিলে সাঁচি গছৰ ব্যৱসায় বৈধ কৰা হ’ব বুলি সভাত উপস্থিত বক্তাসকলে মত ব্যক্ত কৰে৷ সভাত এজেপিৰ মুখপাত্র জিয়াউৰ ৰহমানে ভাষণ দিয়ে৷

You might also like