আদর্শ সলনি নকৰোঁ, জাতীয় জীৱনৰ আপোচবিহীন যোদ্ধা হ’ম
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ সদৌ অসম ছাত্র সন্থাৰ নতুন নেতৃত্বলৈ দায়িত্ব হস্তান্তৰ কৰি বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ল’লে জাতীয় প্রশ্নত আপোচহীন যোদ্ধা হৈ ৰোৱাৰ সংকল্প৷ কালি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আছুৰ নৱগঠিত কার্যনির্বাহক সমিতিৰ শপতগ্রহণ অনুষ্ঠানত বিদায়ী ভাষণ প্রদান কৰি লুৰিণজ্যোতি গগৈয়ে ক’লে– ‘সদৌ অসম ছাত্র সন্থা ত্যাগ কৰিলেও মোৰ পথ সলনি নহয়৷ মোৰ এটাই বাট, সেই বাট হ’ল আপোচহীন, জাতীয়তাবাদী সত্তাক প্রতিনিধিত্ব কৰা বাট৷ ইয়াৰ পাছত মই য’তেই নাথাকোঁ, অসমৰ সমাজ, অসমীয়া জাতিৰ প্রতি আদর্শবাদী দৃষ্টিভংগী কেতিয়াও সলনি নহয়৷ প্রয়োজনত সামাজিক জীৱন ত্যাগ কৰিম, কিন্তু দর্শন আৰু আদর্শ কেতিয়াও সলনি নকৰোঁ৷ স্বাভাৱিকতে নতুন যাত্রাত জুই থাকিব, কাঁইট থাকিব, কিন্তু দায়িত্ববোধ, আদর্শ আৰু দৃষ্টিভংগী একেই থাকিব৷ মোৰ সিদ্ধান্ত এটাই আৰু জাতীয় দায়বদ্ধতাৰ প্রশ্ণত সকলোৱে নিজৰ সিদ্ধান্ত সলনি নকৰাকৈ আগবাঢ়ি যোৱা উচিত৷’ তেওঁ লগতে কয়– ‘অসমীয়া জাতিৰ আত্মপ্রতিষ্ঠাৰ মহাসংগ্রামৰ পৰৱর্তী সময়তো শক্তিশালী কৰি যোৱাই হ’ব মোৰ মূল লক্ষ্য৷ অসমীয়া জাতিয়ে মেৰুদণ্ড পোন কৰি দিল্লীৰ চকুত চকু থৈ প্রশ্ন কৰাৰ শক্তি সদায় ৰাখিব লাগিব৷ মই ভগৱান নহওঁ যেতিয়া ভুল–ভ্রান্তি নিশ্চয় থাকিব৷ ভৱিষ্যতে কেতিয়াবা বিচলিত হ’লে সদৌ অসম ছাত্র সন্থাৰ সমালোচনা কৰাৰ অধিকাৰ সদায় থাকিব৷ যিদৰে সন্তানৰ প্রতি মাকৰ অধিকাৰ থাকে৷ কিন্তু সদৌ অসম ছাত্র সন্থাৰ পৰা বিদায় লোৱাৰ মুহূর্তত এটা কথা কৈ যাব খোজোঁ যে জাতিৰ প্রতি বিশ্বাসঘাতকতা কেতিয়াও নকৰোঁ৷
পৰৱর্তী দিনতো জনতাৰ আশা আৰু আশীর্বাদক মূলধন হিচাপে লৈ অসমবাসীক ন্যায় প্রদানৰ যুদ্ধ চলাই যাম৷ মই অসমৰ জাতীয় জীৱনৰ এগৰাকী আপোচহীন আৰু স্বাভিমানী যোদ্ধা হ’ব খোজোঁ৷ এইক্ষেত্রত ৰাইজৰ আশীর্বাদ আৰু সমালোচনা সদায় বিচাৰোঁ৷’ আছুৰ বিদায়ী সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ ভাষণত বিগত পাঁচ বছৰীয়া কার্যকালৰ দীঘলীয়া যাত্রাৰ বিষয়ে উল্লেখ কৰি সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ লগতে ছাত্র সন্থাৰ প্রতিগৰাকী কর্মীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷