নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাই ৰাইজক কিনিব দমন কৰিব বিচাৰিছেঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ‘ইউপিপিএলৰ নেতৃত্বত বিটিচিৰ পৰিষদীয় চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত বিটিএডিতবসবাস কৰা ৰাইজৰ ভূমিৰ সমস্যা সমাধান কৰা হ’ব৷ বিগত ১৭বছৰে ৰাইজক হাগ্রামা মহিলাৰীৰ চৰকাৰে জনসাধাৰণক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে৷ ইউপিপিএল শাসনলৈ অহাৰ পাছত আগন্তুক ৫বছৰত প্রতিবছৰে ১ লাখকৈ লোকক ভূমিৰ পট্টাকে ধৰি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷’ – চিৰাং জিলা সদৰ কাজলগাঁৱত এক বিশাল বাইক ৰেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি সাংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ইউপিপিএল দলৰ সভাপতি প্রমোদ বডোৱে৷

সভাপতি বডোৱে লগতে কয় যে বিগত ১৭ বছৰে হাগ্রামা মহিলাৰীৰ চৰকাৰৰ দুর্নীতি, ভ্রষ্টাচাৰত অতিষ্ঠ হৈ ৰাইজে পৰিৱর্তন বিচাৰিছে৷ ইউপিপিএলৰ  বাইক ৰেলীৰ কার্যসূচীত ৰাইজে হিলদল ভাঙি পৰিৱর্তন তথা সু–শাসনৰ স্বার্থত ওলাই আহিছে৷ সকলো জাতি–জনগোষ্ঠীয়ে সম অধিকাৰ, সম মর্যাদা লৈ জীয়াই থাকিব বিচাৰে৷ উন্নয়ন, নিৰাপত্তা আৰু ঐক্য–শান্তি বিচাৰে ৷ কিন্তু হাগ্রামা–চন্দন বাহিনীয়ে উত্তৰাঞ্চলৰ ৰাস্তা–ঘাট নির্মাণত গুৰুত্ব দিয়াৰ পৰিৱর্তেব্যক্তিগত লাভালাভতহে অধিক গুৰুত্ব দিয়ে৷ হাগ্রামা মহিলাৰীয়ে ৰাইজক কিনিব, দমন কৰিব বিচাৰে বুলি মন্তব্য কৰে৷ আমি সন্মান সহকাৰে ৰাইজক আঁকোৱালি লৈছেছাবুলিও তেওঁ মন্তব্য কৰে৷

ইউপিপিএলৰ সভাপতি বডোৱে হাগ্রামা মহিলাৰীৰ লগত থাকিলে ভৱিষ্যৎ ধবংস হ’ব বুলিবুজিব পাৰি৷ এতিয়া বিপিএফৰ নেতা–কর্মী অন্য দললৈ গতি কৰিছে বুলি কয়৷ দ্বিতীয় পর্যায়ত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত ইউপিপিএল দলে চিৰাং জিলাৰ ৭টা সমষ্টিতেই বিজয়ী হ’ব বুলি প্রকাশ কৰে৷ ৩১ নং (চি) ফ’ৰলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা কাজলগাঁও গ্রাম্য ষ্টেডিয়ামৰ পৰা উলিওৱা  এই বাইক ৰেলী ইউপিপিএলৰ সভাপতিজনে দিনৰ ১০ বজাত ফিটা কাটি শুভাৰম্ভ কৰে৷

পাঁচ সহস্রাধিক কর্মী–সমর্থকে অংশ লোৱা বাইক ৰেলী ডাংতল, বাসুগাঁও, কাশীকোত্রা, গৰুভাসা, শান্তিপুৰ, ৰুণীখাতা, বেংতল, পাটাবাৰী, ঔগুৰি হৈ কয়লাময়লাত উপস্থিত হয়৷ উল্লেখিত স্থানতসমূহ পৰিভ্রমণ কৰাৰ অন্তত এক বিশাল নির্বাচনী সভা অনুষ্ঠিত কৰি বাইক ৰেলীৰ সামৰণি মাৰে৷ ‘পৰিৱর্তন দৰকাৰ ইউপিপিএল চৰকাৰ’ ধ্বনিৰে উলিওৱা  এই বাইক ৰেলীত ইউপিপিএলৰ সভাপতি বডোৰ লগতে দলৰ সাধাৰণ সম্পাদক মাউতি ব্রহ্ম হাজোৱাৰী, উপ–সভাপতি ৰণগৌৰা নার্জাৰী, নির্মল কুমাৰ ব্রহ্মই অংশগ্রহণ কৰে৷

You might also like