নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত গৰু চুৰিত ব্যৱহৃত বিলাসী বাহন জব্দ 

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ৰূপহীহাটৰ হাতীপুখুৰীত আজি পুৱাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গড়াজান আৰক্ষীয়ে খেদি খেদি জব্দ কৰে গৰু চুৰিত ব্যৱহাৰ কৰা এখন বিলাসী বাহন৷ জানিব পৰা মতে এএছ-০২-এডি-৯৫৬৭ নম্বৰৰ ছুইফ্ট বাহনেৰে যোৱানিশা গড়াজানৰ গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰি কৰিছিল চোৰৰ দল এটাই৷ এই খবৰ গড়াজান আৰক্ষীয়ে গম পাই চোৰৰ গাড়ীটোৰ পিছফালে খেদি আহে৷ চোৰৰ দলটোৱে হাতীপুখীৰত আহি গাড়ী এৰি পলায়ন কৰে৷ অহিদুৰ ৰহমান নামৰ চোৰটোৱে দীৰ্ঘদিন ধৰি বিলাসী বাহনেৰে গৰু চুৰিৰ ঘটনা সংঘটিত কৰি আহিছিল৷ গড়াজান আৰক্ষীয়ে চোৰে পেলাই থৈ পলায়ন কৰা গাড়ীখন জব্দ কৰি টেক্টৰৰ সহায়ত টানি গড়াজান আৰক্ষী পহৰা চকীলৈ লৈ যায় ৷ চোৰৰ দলটোক বিছাৰি আৰক্ষীয়ে অভিয়ান অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like