আজি মাধৱদেৱৰ তিৰোভাৱ তিথি
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি।
ভক্তপ্ৰাণ ৰাইজে ক’ভিড প্ৰট’কল মানি ৰাজ্যজুৰি পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি।
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। হৰিনামৰ অমিয়াৰসত বুৰ গৈছে ৰাজ্যবাসী।
গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে মহাপুৰুষজনাক স্মৰণ কৰে।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে নৱবৈষ্ণৱ ধাৰাটোক নতুন মাত্ৰা প্ৰদান কৰিছিল। নামঘোষা, ভক্তি ৰত্নাৱলী, বৰগীতৰ দৰে অম্লান সৃষ্টিৰে তেৰাই সমৃদ্ধ কৰি থৈ গৈছে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ভঁৰাল। গুৰুজনাৰ মহান আদৰ্শ আৰু ভক্তি দৰ্শনে অসমীয়া জাতিক যুগে যুগে উদ্বুদ্ধ কৰি যাব।#MadhabdevTithi pic.twitter.com/lpBeYRg1W7
— Sarbananda Sonowal (@sarbanandsonwal) September 7, 2020