নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আৰক্ষীৰ সফলতাঃ ড্ৰাগছ মাফিয়া আনোৱাৰা বেগম ওৰফে তাকানিক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ যোৱা নিশা প্ৰায় এঘাৰ বজাত নগাঁও আৰক্ষীয়ে এক অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া আনোৱাৰা বেগম ওৰফে তাকানিক গ্ৰেপ্তাৰ কৰে। লেডি ড্ৰাগছ মাফিয়া হিচাপে পৰিচিত কুখ্যাত আনোৱাৰা ওৰফে তাকানিকে তেওঁৰ বিভিন্ন এজেন্টৰ জৰিয়তে নগাঁও জিলাৰ লগতে আন বহু জিলাতেই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল।

   নগাঁও চহৰৰ নগাঁও ৰেল ষ্টেচনৰ সমীপৰ হোটেলবাৰীৰ বাসগৃহৰ পৰাই তেওঁ ড্ৰাগছৰ সৰবৰাহ কৰি আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বিভিন্ন সময়ত নগাঁও আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল যদিও বাৰে বাৰে তেওঁ আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয়।

   নগাঁও আৰক্ষীয়ে এই মহিলা ড্ৰাগছ মাফিয়া গৰাকীৰ বিৰুদ্ধে বিগত ২০১৯ বৰ্ষতে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২২(চি)/২৫এন ডি পি এছ ৰ অধীণত ২৯৮১/২০১৯ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। কিন্তু অতি চতুৰ ড্ৰাগছ মাফিয়া গৰাকীয়ে এবছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল। অৱশেষত যোৱা নিশা প্ৰায় ১১ বজাত নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও ষ্টেচনৰ হোটেলবাৰীৰ পৰা লেডি ড্ৰাগছ মাফিয়া আনোৱাৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

স্মৰ্তব্য যে, ধৃত ড্ৰাগছ মাফিয়া গৰাকী নগাঁও আৰক্ষীৰ ম’ষ্ট ৱান্টেড আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত সোধপোছ কৰি আজি মহিলা গৰাকীক নগাঁও আদালতত হাজিৰ কৰোৱাৰ অন্তত জেললৈ প্ৰেৰণ কৰা হয়।

You might also like