দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱ দৌলত দুদিনীয়াকৈ অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলা
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: আজি মহা শিৱৰাত্ৰি। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱ দৌলত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহা শিৱৰাত্ৰি মেলা। এই শিৱৰাত্ৰি উপলক্ষে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত এটা ওখ টিলাৰ ওপৰত নিৰ্মিত শিৱ দৌলটিলৈ পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ লানি নিচিগা সোঁত বয় । সকলোৱে বাবা মহাদেৱৰ ওচৰত নিজৰ মনোবাঞ্চা পুৰণৰ অৰ্থে আৰ্শীষ বিছাৰি চাকি বন্তি জ্বলাই, শৰাই নৈবেদ্য আগবঢ়াই সেৱা আগবঢ়াইছ । উল্লেখযোগ্য যে, মহিমামণ্ডিত ঐতিহাসিক দৌলটিৰ চৌপাশৰ সেউজ মনোমোহা পৰিবেশেও বহু লোক আকৰ্ষিত কৰি আহিছে । শিলৰ খটখটি বগাই লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ নেঘেৰিটিং শিৱদৌলৰ প্ৰংগণ । শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি দৌলৰ সমীপত আয়োজন কৰা হৈছে এক বিশাল মেলাৰ। দূৰদূৰণীৰ সাধু সৈন্যাশীৰ আগমনো এইবাৰ লক্ষ্যণীয় ।
ভাস্কৰজ্যোতি বৰদলৈ , দেৰগাঁও