মহামৃত্যুঞ্জয় মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ সামৰণি
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণ সম্পূর্ণ হোৱা বিশ্বৰ সর্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত যোৱা ২৭ ফেব্রুৱাৰীৰ পৰা চলি থকা মন্দিৰৰ স্থিৰ প্রাণ প্রতিষ্ঠা সমাৰোহ আৰু ১০৮ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ মহোৎসৱৰ আজি সামৰণি পৰে৷ ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ চাৰি শতাধিক বেদব্যাস ব্রাহ্মণ পুৰোহিতৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকী ব্রাহ্মণ পুৰোহিতৰ দ্বাৰা অনুষ্ঠিত যজ্ঞ মহোৎসৱৰ আজি মূল কার্যসূচী পূর্ণাহুতিত ৰাজ্যখনৰ তিনি সহস্রাধিক লোকে মনোকামনা পূৰণৰ বাবে মৃত্যুঞ্জয়ৰ চৰণত পূর্ণাহুতি অর্পণ কৰে৷ পুৱাৰে পৰা পূর্ণাহুতি অর্পণৰ বাবে দীঘলীয়া শাৰী পাতি ভক্তপ্রাণ ৰাইজে দুপৰীয়া ১ বজা পর্যন্ত অপেক্ষা কৰা দেখা যায়৷ ২০০৩ চনৰ পৰা প্রতিবছৰে মাঘী পূর্ণিমাত এই যজ্ঞ অনুষ্ঠিত হৈ আহিছে যদিও এইবাৰ পূর্ণাহুতিত সর্বাধিক ভিৰ হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ উপৰি পূর্ণাহুতিৰ পূর্বে অনুষ্ঠিত হয় কুমাৰী পূজা৷
১০৮গৰাকী কুমাৰীক বৈদিক নিয়মেৰে পূজা কৰাৰ পাছতে অনুষ্ঠিত হোৱা পূর্ণাহুতিত ভক্তসকলে যজ্ঞৰ মূল কুণ্ডত নাৰিকল, ঘিউ, ৰঙা কাপোৰ অর্পণ কৰা দেখা যায়৷ পূর্ণাহুতি অর্পণৰ পাছতে স্থিৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ সামৰণি পৰে যদিও মন্দিৰ দর্শন কৰিবলৈ অসমৰ বিভিন্ন প্রান্তৰ ভক্তপ্রাণ ৰাইজৰ ভিৰ আজিও অব্যাহত থকা দেখা যায়৷ বিশ্বৰ সর্ববৃহৎ এই মহা মৃত্যুঞ্জয় মন্দিৰৰ স্থিৰ প্রাণ প্রতিষ্ঠা সমাৰোহ উপলক্ষে মন্দিৰৰ নিচেই কাষতে দুখনকৈ মেলা অনুষ্ঠিত হয়৷ মন্দিৰৰ সৌন্দর্য চাবলৈ জাতি–বর্ণ নির্বিশেষে সকলো লোকৰ সমাগম হোৱাৰ সমান্তৰালকৈ মেলা দুখনতো লোকাৰণ্য হৈ পৰা দেখা যায়৷ মূল মন্দিৰত ভক্তৰ প্রৱেশ এতিয়াও হোৱা নাই যদিও এপ্রিল মাহৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে৷ স্থানীয় কেইবাগৰাকী মহান ব্যক্তিৰ ভূমিদানৰ বাবে ৭০ বিঘা মাটি আগুৰা এই মন্দিৰ চৌহদৰ বহু কাম এতিয়াও বাকী আছে৷ অৱশ্যে শীঘ্রে এই কামসমূহো সম্পূর্ণ হৈ উঠিব৷