নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলা বজাৰত উদণ্ড যুৱকৰ গুণ্ডাকৰ সংগ্রহৰ অভিযোগ

গুৱাহাটী পৌৰ নিগমৰ মাচুলৰ নিৰিখক ভেঙুচালি কৰি ফটিক বাহিনীৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ মহানগৰীৰ বেলতলা বজাৰত অব্যাহত আছে গুণ্ডাকৰ সংগ্রহকাৰীৰ দৌৰাত্ম্য৷ গুৱাহাটী পৌৰ নিগমৰ নির্ধাৰিত মাচুলৰ তালিকাক ভেঙুচালি কৰি বেলতলা বজাৰৰ ব্যৱসায়ীসকলৰ পৰা নিতৌ লাখ লাখ টকাৰ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে দুষ্ট চক্রই৷ গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ আৰক্ষীৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ ছত্রছায়াত কেইজনমান উদণ্ড যুৱকে থলুৱা ব্যৱসায়ীসকলৰ পৰা নীতিবহির্ভূতভাৱে মাচুল সংগ্রহ কৰি ব্যৱসায়ীসকলক মাধমাৰ শোধাইছে৷ বেলতলা বজাৰৰ একাংশ ভুক্তভোগী ব্যৱসায়ীয়ে জনোৱা মতে, জনৈক ফটিক বাহিনীয়ে বজাৰত ব্যৱসায় কৰি পৰিয়াল পোহপাল দি অহা প্রতিজন পাচলি দোকানীৰ পৰা ৫০০ টকা, সৰু পাচলি দোকানৰ পৰা ৩০০ টকা, বিভিন্ন প্রান্তৰ পৰা অহা জনজাতীয় মহিলা ব্যৱসায়ীসকলৰ প্রতিখন দোকানৰ পৰা দৈনিক ১০০ টকাকৈ সংগ্রহ কৰি অহিছে৷

ইপিনে, ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা পাচলি কঢ়িয়াই অনা প্রতিখন বাহনৰ পৰা ৩৫০ টকাকৈ সংগ্রহ কৰে৷ ইপিনে, নিশাৰ ভাগত একাংশ টহলদাৰী আৰক্ষীৰ লোকে পাচলি ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে ধন সংগ্রহ কৰা বুলি বেলতলা বজাৰত পাচলি বিক্রী কৰা একাংশ ভুক্তভোগী পাচলি ব্যৱসায়ীয়ে জানিবলৈ দিছে৷ কেইমাহমান পূর্বে বেলতলা বজাৰত গুণ্ডাকৰ সংগ্রহ কৰাৰ অভিযোগত ফটিকসহ কেইবাজনো যুৱকক ব্যৱসায়ীসকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জেৰা কৰিছিল৷ তদুপৰি বেলতলা বজাৰত যাতে মাচুলৰ নামত ব্যৱসায়ীসকলক হাৰাশাস্তি কৰা নহয়, তাৰ বাবে সকীয়াই দিয়ে৷ জি এম চি আৰু আৰক্ষী–প্রশাসনৰ হস্তক্ষেপত শিৰনত কৰি কিছুদিন বজাৰখনত গুণ্ডাকৰ সংগ্রহ কৰা স্থগিত ৰাখিছিল যদিও পুনৰ বজাৰখনত সক্রিয় হৈ পৰিছে ফটিক বাহিনী৷ উল্লেখ্য যে জি এম চিৰ নির্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্রহ কৰাত ব্যৱসায়ীসকল অতিষ্ঠ হৈ পৰিছে আৰু এই ক্ষেত্রত আৰক্ষী–প্রশাসনক বিহিত ব্যৱস্থা গ্রহণৰ বাবে ব্যৱসায়ীসকলে আহ্বান জনাইছে৷

You might also like