মাজবাটত পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই পাষণ্ডৰ ফাঁচিৰ দাবী জনগণৰ
নিয়মীয়া বাৰ্তা ৮ মেঃ যোৱা ৪ মে’ত অসম শিশু শিক্ষা সমিতিৰ অন্তর্ভুক্ত গোগামুখ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠ শ্রেণীৰ ছাত্রী তথা লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তর্গত চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ থেকেৰাগুৰি গাঁৱৰ কণমানি শিশুক ঘৰত কোনো নথকাৰ সুযোগ লৈ কেইবাটাও নৰপিশাচে দলবদ্ধভাৱে ধর্ষণ কৰি ডিঙিত গামোচাৰে বান্ধি হত্যা কৰি নিজ গৃহৰ বাৰাণ্ডাত ওলমাই থৈ যায়৷ শিশুটিৰ এনে অকাল বিয়োগত মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগতে সমগ্র মাজবাটবাসীয়ে শোক আৰু দুখ প্রকাশ কৰিছে৷ শিশুটিক গণধর্ষণ কৰি হত্যা কৰা নৰপিশাককেইটাক ফাঁচি দিয়াৰ দাবীত মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সমূহ ছাত্র–ছাত্রী, আচার্য–আচার্যা, কর্মচাৰীৰ লগতে মাজবাটবাসীয়ে নিজ নিজ গৃহৰ পদূলিত সন্ধিয়া এগছিকৈ বন্তি প্রজ্বলন কৰে৷ শিশুটিক এনে জঘন্য অপকর্ম কৰি হত্যা কৰা ঘটনাক মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ধর্মেশ্বৰ শর্মা (জ্যেষ্ঠ), প্রধান আচার্য ৰথীন দত্তৰ লগতে সমগ্র মাজবাটবাসীয়ে ধিক্কাৰ দিয়ে৷
লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তর্গত তথা চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ থেকেৰাগুৰিত ৪ মে’ত সংঘটিত পঞ্চম শ্রেণীৰ ছাত্রীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ আজিও চাউলধোৱা অঞ্চলত প্রতিক্রিয়া অব্যাহত আছে৷ ছাত্রীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহত কালিৰে পৰা ধেমাজি আৰু লখিমপুৰ জিলাৰ কেইবাটাও দল–সংগঠনে এক প্রতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি ঘটনাৰ শীঘ্রে তদন্ত সম্পূর্ণ কৰি দোষীক কঠোৰ শাস্তি প্রদান কৰিবলৈ লখিমপুৰ জিলা প্রশাসনক দাবী জনাই আহিছে আৰু ইয়াৰ সমান্তৰালভাৱে এই ঘটনাক লৈ তৎপৰ হৈ পৰা হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ চাউলধোৱা আঞ্চলিকে ছাত্রীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ চাউলধোৱা আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ লগতে এই ঘটনাত জডিত দোষীক কৰায়ত্ত কৰি ফাষ্টড্রেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি প্রদান কৰিবলৈ লখিমপুৰ জিলা প্রশাসনক দাবী জনাইছে৷ হিন্দু যুৱ–ছাত্র পৰিষদৰ চাউলধোৱা আঞ্চলিক সমিতিৰ সভাপতি নিপুল গগৈ আৰু সম্পাদক বিপ্লৱ ডেকাই এটা বিবৃতিত এই কথা প্রকাশ কৰাৰ লগতে সংগঠনটোৱে লখিমপুৰ জিলা আৰক্ষী প্রশাসনে ঘটনা সন্দর্ভত গ্রহণ কৰা তৎপৰতাক ভূয়সী প্রশংসা কৰে৷ লগতে ছাত্রীগৰাকীৰ পৰিয়ালবর্গক উচিত ন্যায় প্রদান কৰিবলৈ দাবী জনাইছে৷