অফলামুখ-নিমাতীত পুনৰ বিকল ফেৰিঃ আঢ়ৈ ঘন্টা আৱদ্ধ এছ বি চেনিমাই
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : পুনৰ আজি নিমাতী-অফলামূখত ফেৰীত অঘটন। ভৰ লুইতৰ বুকুত আৱদ্ধ ফেৰী। ৩:৩০ বজাত নিমাটীৰ পৰা অফলামূখ অভিমুখে আহিছিল ফেৰীখন। নিমাতী ঘাটৰ পৰা ২০ মিনিট মান অহাৰ পিছতেই যান্ত্ৰিক বিজুতি ঘটে এছ বি চেনিমাই নামৰ ফেৰীখনৰ ইঞ্জিন । ব্ৰহ্মপুত্ৰৰ মাজত আঢ়ৈ ঘন্টা আবদ্ধ হৈ থকা ফেৰীখনত অৰ্ধ শতাধিক যাত্ৰী সহ ৩ খন চাৰিচকীয়া গাড়ী আৰু প্ৰায় ৩০ খনৰো অধিক বাইক আছিল বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীৰ মাজত হাহাকাৰ। এয়াই প্ৰথম নহয় নিমাতী মাজুলী ফেৰিৰ ইঞ্জিন বিকলৰ ঘটনা সঘন হোৱালৈ চাই মেৰাইন ইঞ্জিনৰ দুৰ্বলতা বুলি সন্দেহ কৰিছে সচেতন মহলে ৷ সঘনে ব্ৰহ্মপুত্ৰত ফেৰি বিকলৰ দৰে ঘটনা হৈ থকাৰ পিছটো কানসাৰ নাই জলপৰিবহণ বিভাগৰ । আনহাতে যাত্ৰীসকলে আঢ়ৈ ঘন্টা বুন্দাপৰ দিয়াৰ পিছত জলপৰিবহন বিভাগে অন্য এখন ফেৰিৰে যাত্ৰীসকলক উদ্ধাৰ কৰি আনে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড