নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটন বিভাগৰ ‘পর্যটন সঞ্জীৱনী’ আঁচনিৰ অধীনত পঞ্জীয়নভূক্ত ট্যুৰ অপাৰেটৰ-গাইডক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত অসম পর্যটন উন্নয়ন নিগমৰ দ্বাৰা ৪৩ কোটি আনুমানিক ব্যয়সাপেক্ষে ৰূপায়িত হ’বলগীয়া অতিথিশালা তথা যাত্রী নিৱাসৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্প ফুড ক’র্ট, প্রয়োজনীয় সামগ্রীৰ দোকান, কাফে, শিশু উদ্যানৰ সৈতে ভি আই পি অতিথিশালা, ৰাজহুৱা অতিথিশালাৰে সমৃদ্ধ হ’ব।

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে আমিনগাঁৱত ৭ বিঘা পৰিসৰ তথা ৫ কোটি আনুমানিক ব্যয় সাপেক্ষ শৰাইঘাট হ্রদৰ উন্নয়ন কার্যসূচীৰো আধাৰশিলা স্থাপন কৰে। প্রকল্পটিয়ে দলঙৰ সৈতে একাত্ম কৰি বিদ্যমান উদ্যানৰ সম্প্রসাৰণ কৰাৰ লগতে ই গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ নাগৰিক তথা পর্যটকৰ বাবে এক নতুন পর্যটনকেন্দ্র ৰূপে বিবেচিত হ’ব।

তদুপৰি মুখ্যমন্ত্ৰীয়ে ক’ভিডকালীন সময়ত প্রচুৰ ক্ষতিগ্রস্ত ট্যুৰ অপাৰেটৰ আৰু ট্যুৰিষ্ট গাইডক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে পর্যটন বিভাগৰ ‘পর্যটন সঞ্জীৱনী’ আঁচনিৰ অধীনত ১১৪গৰাকী পঞ্জীয়নভূক্ত ট্যুৰ অপাৰেটৰ আৰু ৬০৫গৰাকী পঞ্জীয়নভুক্ত ট্যুৰিষ্ট গাইডক ক্রমে ২ লাখ টকা আৰু ২৫ হাজাৰ টকাৰ চেক বিতৰণ কার্যসূচীৰো আনুষ্ঠানিভাৱে আৰম্ভণি কৰে।

এই অনুষ্ঠানত কৃষক ৰাইজক উৎপাদন প্রক্রিয়াত সন্মুখীন হোৱা বহু সমস্যাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ৰূপায়ণ কৰিবলগা ‘অসমৰ গ্রাম্যাঞ্চলত ধান সংগ্রহৰ কাৰণে গুদাম স্থাপন’ ধ্বজাবাহী আঁচনিৰো মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰ বিতৰণ কৰাৰ লগতে আঁচনি ৰূপায়ণকাৰী সংস্থা এ এফ চি এছ চি এললৈ ৩.৩০ কোটি টকাৰ প্রথম কিস্তিৰ চেক প্রদান কৰা হয়।

অনুষ্ঠানটিত মন্ত্ৰীদ্বয় ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কদ্বয় জয়ন্ত মল্ল বৰুৱা, সুমন হৰিপ্ৰিয়া, এ এফ চি এছ চি এলৰ অধ্যক্ষ ৰাজেন গোহাঁই, এ টি ডি চিৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা প্রমুখ্য বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

You might also like