মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পঞ্চম বৰ্ষপুতি অনুষ্ঠানঃ “কিতাপৰ দিন” উদযাপন
নিয়মীয়া বাৰ্তা , ১৫ জানুৱাৰী : বৰ্তমানৰ ব্যাপক হাৰ বৃদ্ধী পাইছে গোলকীকৰন , শিক্ষা ব্যৱস্থা কম্পিউটাৰ কেন্দ্ৰীক হৈ পৰাৰ সময়তো এচাম মানুহৰ মনত গ্ৰন্থ অধ্যয়ণ বা সংৰক্ষনৰ দায়িত্ববোধপুৰ্ণ মানসিকতা হ্ৰাস হোৱা নাই। তাৰেই প্ৰমান কৰি দেখুৱাইছে মধ্য মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থ গাৰে ৷ ‘গ্ৰন্থৰে গঢ়িম আমি ধুনীয়া পৃথিৱী’ এই বাক্য ষাৰিকে মূল মন্ত্ৰ হিচাপে লৈ মধ্য মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থাগাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।১৯৫৩ চনতে প্ৰতিষ্ঠি হোৱা গ্ৰন্থাগাৰটো পৰৱৰ্তী সময়ত বিভিন্ন কাৰনত বন্ধ হৈ পৰিচিল যদিও একাংশ উদ্যমী যুৱকৰ প্ৰচেষ্টাত ২০১৭ চনত পুনৰ ন ৰূপত প্ৰতিষ্ঠা লাভ কৰা গ্ৰন্থাগাৰটোৱে ইতিমধ্যে সফলতাৰে পাঁচটা বছৰ সম্পুৰ্ণ কৰিছে।
মাজুলী তথা অসমৰ সমাজ জীৱনৰ এটা পৰিচিত অনুষ্ঠান জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ বাকৰিত অনুষ্ঠিত হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা ভাগত গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কালৰ এজন ব্যক্তি টংকেশ্বৰ বৰুৱাক নিজ গৃহত সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতে পতকা উত্তোলন কৰে জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি অনিল ফুকনে। গ্ৰন্থ অধ্যয়নক জনমুখী কৰাৰ উদ্দেশ্যে উলিওৱা শোভাযাত্ৰা উন্মোচন কৰে সমাজকৰ্মী তথা জ্ঞানজ্যোতিৰ উপদেষ্টা বীৰেন শইকীয়াই। স্থানীয় কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মধ্যমাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰূপবৰ্ণম চিত্ৰকলা বিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে এই শৈক্ষিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
ইয়াৰ পিছতে বিমান দত্ত আৰু দীপাংকৰ দত্তৰ সম্পাদনাত প্ৰকাশ পোৱা জ্ঞানজ্যোতিৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পাপু কুমাৰ ঙাটে। বিয়লি ভাগত সদৌ মাজুলী ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। যুৱ সাংবাদিক পাপু বৰাই উদ্বোধন কৰে প্ৰতিযোগিতা খনত মাজুলীৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। কিতাপৰ দিনত দ্বিতীয় দিনৰ কাৰ্যসূচীত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু মুকুলি সভা অনুষ্ঠিত হব। মুকলি সভাত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° বিনোদ চন্দ্ৰ বৰা আৰু যোৰহাট মহাবিদ্যালয়ৰ ড° সৌমিত্ৰ পূজাৰীয়ে বক্তব্য প্ৰদান কৰিব বুলি কিতাপৰ দিন উদযাপন সমিতিৰ সম্পাদক দিপুমণি শইকীয়াই জানিবলৈ দিছে।