নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত নকল ভাৰতীয় টকাসহ ধৃত ১

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা নকল ভাৰতীয় টকাসহ এজন ব্যাক্তি আৰক্ষীৰ জালত পৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আৰক্ষীৰ এটি দলে গৌৰীপুৰৰ বেপাৰীপট্টী অঞ্চলত এজন ব্যক্তিৰ দেহতালাচী চলাইছিল আৰু গৌৰীপুৰৰ টিয়ামাৰী দ্বিতীয় খণ্ড অঞ্চলৰ বাসিন্দা জনৈক ফজলুল হ’ক নামৰ সেই ব্যক্তিজনৰ পৰা ৪,৬৫০ টকাৰ নকল ভাৰতীয় মুদ্ৰা উদ্ধাৰ কৰে। আৰক্ষীক প্ৰাথমিক তদন্তত ব্যক্তিজনে অইন সহযোগীৰে মিলি দীৰ্ঘ দিনৰ পৰা মিলি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত নকল ভাৰতীয় টকা আৰু গৰুৰ চোৰাং বেহা চলাই অহা বুলি উন্মোচিত হোৱা বুলি প্ৰকাশ। ইতিমধ্যে গৌৰীপুৰ থানাত ৩৩/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

You might also like