মাজুলীৰ সৰ্বত্ৰে ৰাসলীলাৰ প্ৰস্তুতিঃ আজিৰ পৰা শৰাই-নৈবেদ্যৰে নাট মেলা পৰ্ব আৰম্ভ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ‘শৰত কালৰ ৰাত্ৰি অতি বিতুপন ৰাসক্ৰিয়া কৰন্তে কৃষ্ণৰ ভৈল মন’। শৰতৰ পূৰ্ণিমা ৰাতি সু-সজ্জিত আলোকময় গকুল-বৃন্দাবনৰ বিনন্দীয়া নান্দনিক পৰিৱেশৰ মাজত মাজুলীত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপভোগ কৰিবলৈ অধিৰ আগ্ৰহেৰে বাট চায় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ লগতে সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ হাজাৰ হাজাৰ পৰ্যটকে ।
এতিয়া সেই সময় সমাগত। ক’ভিড মহামাৰীৰ বাবে বিগত বৰ্ষত সত্ৰপীঠ মাজুলীত ৰাসলীলা উদযাপন কৰিব নোৱাৰিলে যদিও ক্ৰমাত জিলাখনত ক’ভিড আক্ৰান্ত তথা সংক্ৰমন নিম্নগামী হোৱাত পুনৰ ন-উদ্যমেৰে ৰাস সমিতি সমূহে ৰাসোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে৷ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে সত্ৰ নগৰীখনৰ চৌদিশে মহা আৰম্বৰেৰে প্ৰস্তুতি চলোৱাৰ খবৰ পোৱা গৈছে। জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ বিভিন্ন সত্ৰ, নামঘৰ, ৰংগমঞ্চসমূহত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি লক্ষী পূৰ্ণিমা অৰ্থাৎ আজিৰে পৰা শৰাই নৈবেদ্য আগবঢ়াই নাটক মেলা পৰ্ব আৰম্ভ হ’ব আৰু তাৰ লগে লগে ৰাতি এপৰলৈকে শিশুৰ পৰা বৃদ্ধলৈকে জড়িত হৈ পৰিব ৰাসৰ আখৰাত।
জানিব পৰা মতে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি এইবছৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ সত্ৰ, নামঘৰৰ লগতে প্ৰায় পঞ্চাশৰো অধিক ৰংগমঞ্চত নৱেম্বৰ মাহৰ ১৮ তাৰিখৰ পৰা ৰাসোৎসৱ উদ্ যাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। স্মৰ্তব্য যে আধ্যাত্মিক চেতনা আৰু অত্যাধুনিক কলা-কুশলীৰে সৰ্বত্ৰ চমকপদ সৃষ্টি কৰা ৰাসোৎসৱ উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন লোকে এই সময়চোৱাতে ভিৰ কৰেহি মাজুলীত। আনহাতে পৰম্পৰা আৰু ঐতিহ্য অটুত ৰাখি একতাৰ এনাজৰীৰে প্ৰতি বছৰে পালন কৰি অহা ৰাসোৎসৱে মাজুলীক বিশ্ববাসীৰ ওচৰত কেৱল চিনাকী কৰাই দিয়াই নহয় প্ৰেম-ভাতৃত্ববোধৰ এক সুকীয়া মাত্ৰাও প্ৰদান কৰি আহিছে। মুঠতে লক্ষী পুৰ্ণিমাৰ পাছৰে পৰা মাজুলীৰ সত্ৰ, নামঘৰ, ৰংঘৰ সমূহত গোপ-গোপীৰ নাচোনৰ ভংগীমাৰ মাজে মাজে অঘাসুৰ, বকাসুৰ, শংখচোৰৰ দপদপনি আৰম্ভ হ’ব আৰু ৰাতি এপৰলৈকে চলিব কংস বধৰ আখৰা।
ইফালে ৰাসোৎসৱৰ ব্যস্ততাৰ মাজতে আলহি-অতিথিক আদৰিবলৈও সাজু হৈছে মাজুলীবাসী। দ্বীপ জিলাখনৰ নামঘৰ, সত্ৰানুষ্ঠানসমূহৰ লগতে নতুন বজাৰস্থিত উজনি মাজুলী মিলন সংঘত অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাসোৎসৱ উদ্ যাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে পানীখাতী নৱজ্যোতি মিলন সংঘ, চামগুৰি, বনগাওঁ, ৰঙাচাঁহী, ফুলনি, ৰতনপুৰ আদিতো ৰাসোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।
Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ