মাছৰহাট বৰ নামঘৰত মণিকূট প্ৰতিষ্ঠা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ যোৰহাটৰ ৰাজহাড় স্বৰূপ মাছৰহাট অঞ্চল। মাছৰ হাটতেই ১৫২৮ খ্ৰীষ্টাব্দত স্থাপন হোৱা ঐতিহ্যমণ্ডিত মাছৰহাট বৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মণিকূট প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
ধৰ্মীয় শোভা যাত্ৰাৰে সুশোভিত পৰিৱশৰ মাজত ভকত-বৈষ্ণৱৰ পদধূলাৰে উদুলি -মুদুলি হ’ল দ্বিতীয় বৈকুণ্ঠ । সমগ্ৰ অঞ্চলটোৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দই পুৱা নামঘৰৰ প্ৰাংগণৰ পৰা গায়ন-বায়নসহ এক বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়।
দবা-কাহ-শংখৰে মুখৰিত হয় পৰিৱেশ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘মাছৰ হাট নামঘৰ’ শীৰ্ষক এটি ভক্তিমূলক গীত উন্মোচন কৰে আৰু নিশালৈ ‘কুলাচলৰ মুক্তি লাভ’ নামৰ এখন ভাওনা প্রদর্শন হ’ব বুলিও আয়োজক কমিটিৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে।