নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ অমৃত মহোৎসৱ! মাৰ্ঘেৰিটাৰ ডুৱাগাঁৱত বাঁহৰ দলঙেৰে যাতায়াত

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ দেশজুৰি এইবাৰ উলহ-মালহেৰে উদযাপন কৰা হল আজাদী কা অমৃত মহোৎসৱ। আজাদী কা অমৃত মহোৎসৱৰ উল্লাসে উল্লাসিত কৰিলে সমগ্ৰ দেশবাসী। ইয়াৰ পিছতো একাংশ গ্ৰাম্যাঞ্চল বাসীক ঢুকি নাপালে এই আজিদি কা অমৃত মহোৎসৱে। স্বাধীনতা ৭৫ বছৰৰ পিছতো এতিয়াও অসমৰ বহু গ্ৰাম্যঞ্চল বিভিন্ন ক্ষেত্ৰত বঞ্চিত অৱহেলিত হৈ ৰৈছে। তেনে এটি অঞ্চল হৈছে পেঙেৰীৰ টেকেৰী অঞ্চল। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাসমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত টেকেৰী ডুৱাগাঁও আজিও সকলো দিশতে বঞ্চিত অৱহেলিত। টেকেৰী ডুৱাগাঁও সংযোগী কুলাজান নৈৰ ওপৰত আজিও হৈ নুঠিল এখন দলং। দলং নথকাৰ বাবে স্বাধীনতা ৭৫ বছৰৰ পিছতো এক বিপদসংকুল পথেৰে নিতৌ যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ। বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গ্ৰাম্য অঞ্চলটো বজাৰ সমাহ কৰিবলৈ যোৱা লোকসকলৰ লগতে চিকিৎসা কৰিবলৈ যোৱা ৰোগীজনলৈকে প্ৰতিজন লোকেই বাঁহৰ দলঙৰে বিপদ সংকুল ভাবে জীৱটো বুকুত বান্ধি যাতায়ত কৰিবলগীয়া হৈছে। দলং নথকাত এম্বুলেঞ্চ আদি বাহনো গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে। মুঠৰ ওপৰত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটো লোকসকলে সেই মান্ধাতা যুগৰ বাঁহৰ দলঙৰে আশ্ৰয় লব লগা হৈ আহিছে। বছৰ পিছত বছৰ এনেদৰে পৰিত্যক্ত মৰণফান্দসদৃশ দলঙৰ ওপৰেৰে যাতায়ত কৰি আহিছে অঞ্চলটো সৰ্বসাধাৰণ ৰাইজ। স্থানীয় অঞ্চলবাসীয়ে যাতায়তৰ সুবিধাৰ্থে এখন পকী দলং নিৰ্মাণ কৰি দিব বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান আহ্বান জনাইছে।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like