নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ৩০০ বিছনাযুক্ত ভৱনৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ১৩.৫ কোটি টকাৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: বৃহত্তৰ মাৰ্ঘেৰিটা সমষ্টিৰ একমাত্ৰ অসামৰিক চিকিৎসালয়ক ৩০০ বিছনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ১৩.৫ কোটি টকাৰ অনুমোদন লাভ কৰাৰ পাছতেই আজি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ এটি স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে৷

আজি মন্ত্ৰীগৰাকী চিকিৎসালয়খনত উপস্থিত হৈ আন্তগাঠনিৰ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়খনত থকা চিকিৎসক তথা ৰোগীসকলৰ সৈতে বহু সময়ধৰি মত বিনিময় কৰে ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ৷

উল্লেখ যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দীৰ্ঘদিনীয়া দাবীৰ লগতে স্থানীয় একাংশ দল সংগঠনে সময়ে সময়ে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় খনক ৩০০ বিচনাযুক্ত কৰিবলৈ দাবী জনাই আহিছিল। আনহাতে প্ৰাক্তন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযূষ হাজৰিকাও কিছু বছৰ পূৰ্বে মাৰ্ঘেৰিটাৰ এই চিকিৎসালয়খনত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰ সৈতে এই সম্পৰ্কে আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

উল্লেখ যে তিনিচুকীয়া জিলাৰ এক বৃহৎ সমষ্টি মাৰ্ঘেৰিটা সমষ্টি দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰোগী সকলে চিকিৎসা সংক্ৰান্তীয় বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল। ৩০০ বিছানাযুক্ত চিকিৎসালয়লৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন উন্নতি হ’লে ইয়াৰ ৰোগী সকলৰ যথেষ্ট সহায়ক হ’ব ।

input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like