মাৰ্ঘেৰিটাত কিশোৰীক হত্যা ধৰ্ষণৰ ঘটনাত ৰাষ্ট্ৰীয় ঘাইপথত টাইয়াৰ জ্বলাই উত্তাল প্ৰতিবাদ
- দোষীক কঠোৰ শাস্তিৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ,
নিয়মীয়া বাৰ্তা, ৪ মে’: মাৰ্ঘেৰিটাত এগৰাকী কিশোৰীক ধৰ্ষণ, হত্যাৰ পাছতেই আজি পুৱাৰে পৰা মাৰ্ঘেৰিটা উত্তাল পৰিৱেশৰ সৃষ্টি হয়। মাৰ্ঘেৰিটাৰ এগৰাকী ১২ বছৰীয়া কিশোৰী ২ মে’ৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল। বুধবাৰে সন্ধ্যা মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত এটা ভাড়াঘৰৰ চেপটিক টেংকত কিশোৰীগৰাকীৰ মৃতদেহ থকাৰ সন্দেহত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। আনন তাঁতী নামৰ এগৰাকী ব্যক্তি এই ঘটনাৰ সৈতে জড়িত আছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে। বিবাহিত অভিযুক্ত বৰ্তমানে পলাতক অৱস্থাত আছে আনন তাঁতী। মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি মাৰ্ঘেৰিটা আৰক্ষী মৰোনত্তৰ পৰিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে । সমগ্ৰ ঘটনাই অঞ্চলজোৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবৰ বাবে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিব লগা হয়। প্ৰাথমিক তদন্তত কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
উল্লেখ যে ১ মে নিশা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা বিহু উৎসৱ চাই পুৱতি নিশা কিশোৰী গৰাকীৰ লগতে মাতৃ গৰাকীয়ে আনন তাঁতী নামৰ ব্যক্তিজনৰ ঘৰত থাকে। যিহেতু পূৰ্বৰ পৰা চিনাকি আছিল অভিযুক্ত তাঁতীৰ পৰিয়াল লগত। পুৱা কিশোৰী গৰাকী শুই থকা দেখি পলমকৈ ঘৰলৈ যাব ভাবি নিজ গৃহলৈ যায়। পৰৱৰ্তী সময়ত কিশোৰী গৰাকী নিৰুদ্দিষ্ট হোৱাত মাতৃ গৰাকীয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত ২মেত গোচৰ দিয়ে । ইয়াৰ পাছতেই বুধবাৰে নিশা গাৰ নোম শিহৰি উঠা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। ইতিমধ্যে ঘটনা সংঘটিত কৰা ভাৰাঘৰটো আৰক্ষীয়ে চিল কৰি দিয়াৰ লগতে অভিযুক্ত আননৰ পত্নীক আটক কৰাৰ লগতে সভ্য সমাজক লজ্জানত কৰা লম্পট আনন তাঁতী সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অন্যহাতে দোষীক গ্ৰেপ্তাৰৰ দাবীত লিডু ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত টাইয়াৰ জ্বলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱাৰে পৰা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আছা , আটছাকে আদি কৰি স্থানীয় কেইবাটাও দল সংগঠনে মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত টাইয়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কৰি অভিযুক্ত আনন তাঁতীক গ্ৰেপ্তাৰ কৰি ফাঁচিৰ দাবী তুলে। অন্যহাতে আজি মাৰ্ঘেৰিটাত আৰক্ষী থানাত উপস্থিত হয় তিনিচুকীয়া জিলা আৰক্ষী অধিক্ষক অভিজিৎ গৌৰৱ দিলিপ। তেখেতে সংবাদমাধ্যমযোগে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ঘটনা তদন্তৰ বাবে SIT ঘটন কৰি ৫ টাকৈ আৰক্ষী দলে বিভিন্ন স্থানত তালাচী চলোৱাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে নিজেই সমগ্ৰ তদন্ত তদাৰক কৰাৰ লগতে হত্যা ধৰ্ষণৰ অভিযুক্ত অনন তাঁতীৰ সম্পৰ্কে যিকোনো তথ্য লাভ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে। অনন তাঁতীৰো পূৰ্বে অপৰাধজনতি ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য পোৱা গৈছে। আৰক্ষী এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অনন অৰুণাচল প্ৰদেশলৈ পলায়ন কৰিছে যদিও আৰক্ষীৰ জালত পৰিব বুলি সূত্ৰত প্ৰকাশ। সমগ্ৰ ঘটনাই অঞ্চলজোৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজিৰ প্ৰতিবাদকাৰী সকলে তদন্ত খৰতকীয়া কৰাৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অন্যহাতে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই এক প্ৰেছ বাৰ্তা যোগে মাৰ্ঘেৰিটাৰ অমানৱীয় কাণ্ডৰ সন্দৰ্ভত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
মাৰ্ঘেৰিটাৰ চেগুণবাৰী অঞ্চলৰ ১২ বছৰীয়া দুৰ্ভগীয়া কন্যা শিশু গৰাকীয়ে যি অমানৱীয় বৰ্বৰতাৰ সন্মুখীন হ’ল এই সন্দৰ্ভত গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাস্কৰ শৰ্মাই সমগ্ৰ ঘটনাটোক হৃদয়বিদাৰক বুলি আখ্যা দিয়ে । এগৰাকী কন্যা সন্তানৰ পিতৃ হিচাপে ঘটনাটোৱে তেওঁকো শোকস্তব্ধ কৰি তোলাৰ লগতে দুৰ্ভগীয়া অভিভাৱক সকলৰ দুখৰ তেওঁ সমভাগী বুলি মত প্ৰকাশ কৰে । এই নৃশংস কাণ্ডত জড়িত পলাতক ধৰ্ষণ তথা হত্যাকাৰীক তৎকালীন ভাৱে আটক কৰি যাতে চৰম আইনী শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে তেওঁ আৰক্ষী প্ৰশাসনক বিশেষ নিৰ্দেশ প্ৰদান কৰাৰ লগতে অপৰাধীয়ে যাতে উচিত শাস্তি লাভ কৰে ইয়াক নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মাৰ্ঘেৰিটা সমষ্টিবাসীক ।
মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা,