মৰিয়নিৰ চটাই পৰ্বতৰ তেলপুং নৈত আহোম যুগৰ হিলৈ উদ্ধাৰ
বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ মৰিয়নিৰ ঐতিহাসিক চটাই পৰ্বতৰ উনীজান তেলপুং নৈত আহোম যুগত ব্যৱহাৰ কৰা এটা হিলৈ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ তেলপুং নৈত মাছ ধৰিবলৈ যোৱা কেইজনমান যুৱকে নৈখনত হিলৈটো প্ৰত্যক্ষ কৰে। এই সন্দৰ্ভত জানিব পৰা মতে, চটাই চাহ বাগিচাৰ প্ৰকাশ গোৱালা, পাণ্ডু লাল পাহাৰীয়া, ৰবি তাঁতী, বিকাশ দুচাদ আৰু লাচিত তাঁতী নামম যুৱককেইজনে তেলপুঙত মাছ ধৰিবলৈ গৈছিল। মাছ ধৰিবলৈ যাওঁতেই পাহাৰীয়া নৈখনৰ মাজত এটা অংশ ওলাই থকা অৱস্থাত হিলৈটো প্ৰত্যক্ষ কৰে। পিছতে আটাইকেইজনে হিলৈটো উদ্ধাৰ কৰি চটাই চাহ বাগিচালৈ আনে আৰু আৰক্ষীক খৱৰ দিয়ে। পিছত মৰিয়নি আৰু দেবেৰাপাৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হিলৈটো উদ্ধাৰ কৰি আনে। ইফালে হিলৈটোৰ সন্দৰ্ভত অধিক জানিব পৰা হোৱা নাই যদিও আহোম যুগত ইয়াক ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে। আনহাতে, হিলৈটোৰ গাত কেবাটাও শব্দ লিখা আছে। ইয়াৰ মাজতে ‘গদাধৰ’, ‘ৰামধনু’ আদি শব্দ ধৰিব পৰা গৈছে যদিও কিছুমান শব্দ পঢ়িব পৰা হোৱা নাই। অসমীয়া লিপিতেই এই শব্দসমূহ লিখা আছে। সচেতন ৰাইজে প্ৰায় ২০ৰ পৰা ২৫ কেজি ওজনৰ হিলৈটো উদ্ধাৰ হোৱা স্থানৰ আশে পাশে বুৰঞ্জীৰ সমল হ’ব পৰা অধিক তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আহোম যুগত ব্যৱহাৰ কৰা হিলৈ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া