নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত কাইলৈ ইউবিপিঅই ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৬ ছেপ্তেম্বৰঃ সংযুক্ত বড়ো গণ মঞ্চ(ইউবিপিঅ)ৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় । সংগঠনটোৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে।ইউবিপিঅৰ উপাধ্যক্ষা সৌমশ্ৰী বড়ো, ধেমাজি জিলা ইউবিপিঅৰ
উপদেষ্টা সুশীল বসুমতাৰী, উপ সভাপতি ৰাতিৰাম বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, হেমকান্ত দৈমাৰী উপস্থিত থকা সভাই মত প্ৰকাশ কৰে যে জন্মলগ্নৰে পৰা সংযুক্ত বড়ো গণ মঞ্চ(ইউবিপিঅ)ই
বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ আদি সাংবিধানিক প্ৰাপ্য অধিকাৰৰ লক্ষ্যত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে।

ইউবিপিঅৰ নেতৃত্বত আৰু বিটিএডিৰ বাহিৰৰ অন্যান্য বড়ো সংগঠনৰ সহযোগত কেবাবছৰো ধৰি জনাই অহা
প্ৰস্তাৱিত দাবীটো শেহতীয়া তৃতীয় বড়ো শান্তি চুক্তিৰ ৫ নং ধাৰাৰ ৫.১ নং দফাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ নামাকৰণেৰে সন্নিবিষ্ট কৰা হৈছে। উল্লেখ্য যে সদ্য সমাপ্ত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত অসম চৰকাৰে
বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা হাতত
লৈছিল যদিও অসম চৰকাৰৰ সহযোগী দল বিপিএফে আগন্তুক বিটিচি নিৰ্বাচনত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব বুলি আশংকা কৰি বিধানসভাত এই বিধেয়কখন উত্থাপন কৰাত বাধা দিয়ে।যাৰফলত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ বহু আকাংক্ষিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ বিধেয়কখন
বাদ পৰি ৰ’ল। ইয়াৰ অন্তৰালত দোষী সাব্যস্ত কৰি বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিপিএফৰ নেত্ৰী অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰা ইউবিপিঅই কাইলৈ পুনৰ আন এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বিটিএডিৰ বাহিৰৰ একৈশখন জিলাৰ লগতে ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ ছখন আঞ্চলিক সমিতিৰ উদ্যোগতো শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত কাইলৈ ধৰ্ণা কাৰ্যসূচী
হাতত লোৱাৰ সিদ্ধান্ত লয় আজিৰ গুৰুত্বপূৰ্ণ সভাই। ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে কয় ধেমাজি জিলা ইউবিপিঅৰ অন্তৰ্গত গোগামুখ, ধেমাজি, চিলাপথাৰ,পশ্চিম সানজাৰি নৌগৌৰ, পূৱ সানজাৰি নৌগৌৰ, মধ্য জোনাই আৰু জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ হবলগা প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলো ৰাইজক আহ্বান জনাইছে।

You might also like