বাঘজানৰ ক্ষতিগ্রস্তক ক্ষতিপূৰণৰ দাবীত ধর্ণা
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বাঘজান বি জি আৰ–৫নং তৈল খাদৰ জুই নির্বাপন কৰা, ক্ষতিগ্রস্ত পৰিয়ালক তৎকালে উচিত ক্ষতিপূৰণ প্রদান কৰাৰ লগতে পূর্বৰ দাবী আৰু প্রতিশ্রুতি কার্যকৰী কৰাৰ দাবীত সোমবাৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু কেইবাটাও জাতীয়–জনগোষ্ঠীয় দল–সংগঠনৰ সহযোগত এক অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা হয়৷ মহানগৰীৰ চচলৰ নির্ধাৰিত ধর্ণাস্থলীত বাঘজান ৰক্ষা কৰক, শীঘ্রে জুই নির্বাপন কৰক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, মাগুৰী বিল আৰু ডিব্রু–ছৈখোৱাক ৰক্ষা কৰক আদি শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে প্রতিবাদকাৰীসকলে৷ দিনৰ এক বজাৰ পৰা ৰূপায়ণ কৰা ৪ ঘণ্টীয়া এই ধর্ণা কার্যসূচীত অংশগ্রহণ কৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সাধাৰণ সম্পাদক তীক্ষ্ণজ্যোতি হাজৰিকাই কয়– ‘২৭ জুনত বাঘজানৰ তৈল খাদত সংঘটিত হোৱা ভয়ংকৰ অগ্ণিকাণ্ডৰ ফলত সমগ্র বাঘজান গাঁওখন জ্বলি ভস্মীভূত হৈছিল৷ ঘৰ–বাৰী, খেতিপথাৰ, পক্ষীকুল, জীৱকুল, মৎস্যকুল জুইত জাহ গৈছে৷ কিন্তু অতি পৰিতাপৰ কথা যে ১৪৬টা দিন অতিক্রম কৰাৰ পিছতো অইল ইণ্ডিয়া লিমিটেড তথা ৰাজ্য চৰকাৰে বাঘজানবাসীৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অগ্ণিকাণ্ডৰ পিছত স্বয়ং বাঘজানবাসীৰ খবৰ ল’বলৈ গৈ বাঘজানবাসীৰ বাবে কেইবাটাও আঁচনিৰ ঘোষণা কৰিছিল আৰু ঁাঁচনিবোৰ এমাহৰ ভিতৰতে কার্যকৰী কৰাৰো প্রতিশ্রুতি প্রদান কৰিছিল৷ কিন্তু মুখ্যমন্ত্রীৰ সেই প্রতিশ্রুতি প্রতিশ্রুতিতে আবদ্ধ হৈ থাকিল৷
চাৰি মাহ উকলি যোৱাৰ পিছতো আঁচনিবোৰ কার্যকৰী হৈ নুঠিল৷ ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডে বাঘজানৰ জুই আজি পর্যন্ত নির্বাপন কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত সম্প্রতি বাঘজানৰ গাতে লাগি থকা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰী বিলখন ধ্বংসৰ গৰাহত উপনীত হৈছে৷ বাঘজানবাসী ৰাইজক ক্ষতিপূৰণ দিয়া আৰু শীঘ্রে জুই নির্বাপনৰ বাবে তিনিচুকীয়া জিলাত বহু প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হৈছিল যদিও আজি পর্যন্ত কোনো ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰিলে চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডে৷ প্রতিবাদী কার্যসূচীত সংঘৰ তৰফৰ পৰা শীঘ্রে বাঘজান বি জি আৰ–৫নং তৈল খাদৰ জুই নির্বাপন কৰক, তৎকালীনভাৱে ক্ষতিগ্রস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ প্রদান কৰক, মুখ্যমন্ত্রীয়ে প্রদান কৰা প্রতিশ্রুতি কার্যকৰী কৰক, আমাৰ পূর্বৰ দাবীসমূহ কার্যকৰী কৰক, এলার্ট কোম্পানীৰ পৰিৱর্তে অতি সোনকালে দক্ষ বিশেষজ্ঞৰ জৰিয়তে জুই নির্বাপনৰ ব্যৱস্থা কৰক আদি দাবীসম্বলিত এখন স্মাৰক–পত্র দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্রীলৈ প্রেৰণ কৰা হয়৷
সংঘৰ সাধাৰণ সম্পাদক হাজৰিকাই লগতে কয়– ‘বাঘজানবাসী ৰাইজৰ ক্ষতিপূৰণ আৰু জুই নির্বাপনৰ দাবীত ২০ অক্টোবৰত চচলৰ ধর্ণাস্থলীত জংগী আন্দোলনৰ এক কার্যসূচী ৰূপায়ণ কৰা হ’ব আৰু ২১ অক্টোবৰত গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰা হ’ব৷’ আজিৰ এই ধর্মঘট কার্যসূচীত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা হেমন্ত মৰাণ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈৰ লগতে কেইবাটাও জাতীয়–জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু বাঘজানবাসী ৰাইজ উপস্থিত থাকে৷