নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবিহৰ খেতি উচ্ছেদ আৰক্ষী–আবকাৰীৰ; গৰৈমাৰীত জ্বলালে লাখ লাখ টকাৰ ভাং গছ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তর্গত গৰৈমাৰীৰ বিহাপাৰাত আজি আবকাৰী বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই দহ লক্ষাধিক টকাৰ অবৈধ ভাং গছ নষ্ট কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, ছয়গাঁও আবকাৰী বিভাগৰ বিষয়া দীনেশ ভট্টাচার্যৰ নেতৃত্বত আৰু গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া হেমেন্দ্র সিনহাৰ সহযোগত আজি পুৱাৰে পৰা অভিযান চলাই গৰৈমাৰী আৰক্ষী চকীৰ অন্তর্গত বিহাপাৰাৰ সমেজ আলী, আশ্রাফ আলী, হায়েত আলী, চাহেব আলী আৰু জহৰ আলীৰ ঘৰ তথা চোতালৰ পৰা অবৈধ ভাং গছ কাটি পাছত জ্বলাই দিয়ে৷

উল্লেখ্য যে আবকাৰী আৰু আৰক্ষী প্রশাসনৰ অভিযান চলোৱাৰ কথা জানিব পাৰি একাংশ অসাধু লোকে ভাং গছ কাটি লুকুৱাই ৰাখিছিল৷ আবকাৰী আৰু আৰক্ষী প্রশাসনৰ অভিযানত প্রায় দহ কুইণ্টল ভাং গছ ধবংস হয়৷

You might also like