নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বানাক্ৰান্তক চেক বিতৰণ আৰু অৰুণোদয় মাহৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংঘালৰ

নিয়মীয়া বাৰ্তা,২০ আগষ্ট:  ‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে প্ৰথমৰে পৰা প্ৰশাসনিক সংস্কাৰৰ যি বিপ্লৱ আৰম্ভ কৰিছিল তাৰ ফল আপোনালোকে পাবলৈ লৈছে৷ চৰকাৰ আৰু বানাক্ৰান্তৰ মাজত কোনোধৰণৰ ব্যৱধান নোহোৱাকৈ সাহায্য দিয়া হৈছে৷ ইমান ক্ষিপ্ৰতাৰে আৰু নিকাকৈ বানাক্ৰান্তক চৰকাৰী অনুদান দিয়াৰ ঘটনা অসমৰ ইতিহাসত এয়ে প্ৰথম৷’ অসম চৰকাৰৰ জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আয়োজিত এক চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়। ধুবুৰী জিলাৰ অৰুণোদয় মাহৰ শুভাৰম্ভ তথা ২০২২ বৰ্ষৰ বানত বাসগৃহ ধ্বংস বা ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালৰ মাজত প্ৰতিৰূপ চেক বিতৰণৰ সেই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী সিংঘালে লগতে কয় যে, ‘‘অৰুণোদয় আঁচনিৰ বাবে যোগ্য এগৰাকীও দুখীয়া মহিলা যাতে বাদ নপৰে আৰু এগৰাকীও ধনী হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা যাতে পাব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবেই অৰুণোদয় মাহত সমীক্ষা চলোৱা হ’ব৷’’ জানিব পৰা মতে, মুঠ ১৪২ গৰাকী তত্বাবধায়কৰ নেতৃত্বত ২২১ টা পৰিদৰ্শনকাৰী দলে ধুবুৰী জিলাত অৰুোণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি ম’বাইল এপ্লিকেশ্যনত লিপিবদ্ধ কৰিব৷

উল্লেখ্য যে, অৰুণোদয় আঁচনিখনৰ কাৰ্য্যকৰীকৰণ আৰু প্ৰভাৱ নিৰ্ধাৰণ কৰাৰ লগতে অসমৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকল যাতে লাভান্বিত হয় সেই উদেশ্যেৰেই ৰাজ্যৰ প্ৰতিটো জিলাৰ সমান্তৰালকৈ আজিৰ পৰা ধুবুৰী জিলাতো অৰুণোদয় মাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। আনহাতে ২০২২ বৰ্ষৰ বানত ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক পুনঃসংস্থাপনৰ অনুদান কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটাই চৰকাৰী অনুদানৰ বাবে জিলাখনৰ তালিকাভুক্ত পৰিয়ালসমূহৰ মাজৰ পাঁচটা পৰিয়ালৰ মুৰব্বীক আজিৰ অনুষ্ঠানত প্ৰতিৰূপ চেক বিতৰণ কৰে মন্ত্ৰী সিংঘালে৷ জানিব পৰা মতে, সাম্প্ৰতিক বানত ধুবুৰী জিলাৰ বাসগৃহ, সম্পূৰ্ণৰূপে বা আংশিকভাৱে নষ্ট হোৱা মুঠ ১০৪৬ টা পৰিয়ালৰ পুনঃসংস্থাপনৰ চৰকাৰী অনুদানৰ ৰাশি পোনপোটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউন্টত প্ৰেৰণ কৰাৰ যাৱতীয় প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। বন্তি প্ৰজ্বলনেৰে মন্ত্ৰী অশোক সিংঘালে শুভাৰম্ভ কৰা আজিৰ এই বিশেষ কাৰ্য্যসূচীত আদৰণি ভাষণ দিয়ে ধুবুৰীৰ উপায়ুক্ত অন্বমুথান এম পিয়ে। অনুষ্ঠানটোত  বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰধান সচিব তথা ধুবুৰী জিলাৰ অভিভাৱক সচিব ডাঃ জে বি এক্কা। অনুষ্ঠানটোত ধুবুৰী পৌৰসভাৰ সভাপতি ড৹ দেৱময় সান্যাল, ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ আৰু গোলকগঞ্জৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে অশোক কুমাৰ সিংহী আৰু অশ্বিনী ৰায় সৰকাৰ, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক দীপক কুমাৰ সাহা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি, অৰুনোদয় আঁচনিৰ সমীক্ষাকাৰী দলৰ সদস্যসকলকে ধৰি অনুদান লাভ কৰা কেবাটাও বানাক্ৰান্ত পৰিয়ালৰ সদস্য উপস্থিত আছিল৷ উল্লেখ্য যে, আজি ধুবুৰীস্থ জিলা-সংগ্ৰহালয়ো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like