মিছামাৰীত এটা ষাঁড় গৰুৰ সন্ত্ৰাস
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ – শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা মিছামাৰী, নিউ মিছামাৰী, গৰুবন্ধা আদি আদি অঞ্চলত এটা ষাঁড় গৰুৱে সন্ত্ৰাস চলাই পুৰুষ, মহিলা, বৃদ্ধাৰ উপৰি জীৱজন্তু আদিক আক্ৰমণ কৰি আহত কৰা বুলি জানিবলৈ পোৱা গৈছে ৷ প্ৰাপ্ত খবৰ মতে ষাঁড় গৰুটোৱে পুৰণা মিছামাৰীৰ তিনিজন আৰু গৰুবন্ধা অঞ্চলৰ চাৰিজন মুঠ সাতজন লোকক আক্ৰমণ চলাই আহত কৰাৰ পাছত আটাইকেইজন চিকিৎসাধীন হ’বলগা হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ষাঁড় গৰুটোৰ আক্ৰমণত আহত হোৱা মাজৰে এগৰাকী বৃদ্ধা চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ দিনৰাতি সমানে অনাইবনাই ঘূৰি ফুৰা বলীয়ান ষাঁড় গৰুটোৱে সন্মুখত মানুহ, জীৱজন্তু যি পাই তাকেই আক্ৰমণ কৰি আহিছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ প্ৰায় এমাহ ধৰি ধাৰাবাহিক ভাৱে সন্ত্ৰাস চলাই ৰাইজক আতংকিত কৰা ষাঁড় গৰুটোক আটক কৰিবলৈ ৰাইজে প্ৰশাসনক বাৰংবাৰ অনুৰোধ কৰাৰ পাছতো প্ৰশাসনে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে স্থানীয় প্ৰশাসনে ৷