নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্য হস্তীয়ে উপদ্ৰপত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ  ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সামাইঝৰা,গুঘুঝৰা,বৰবিল,পানবাৰী,সত্যপুৰ গাঁৱত সম্প্ৰতি হাতীৰ আতংকত বিনিদ্ৰ নিশা কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷ সুপাৰী বন সংমণ্ডলৰ অধিনস্থ গুমা বনাঞ্চলৰ গাতে লাগি থকা গাওঁ কেইখনত কিছুদিন ধৰি হাতীয়ে মুক্ত বিচৰণ কৰাত গাওঁখনৰ ৰাইজৰ আতংকত ৰাতি নুপুওৱা হৈছে ৷ হাতীৰ জাকে উক্ত অঞ্চলৰ গৃহৰ যথেষ্ট ক্ষতিসাধন কৰে ৷

জানিব পৰা মতে নিশা গাঁওখনত হাতীৰ জাকে প্ৰৱেশ কৰি ভড়ালৰ ধান, বাৰীৰ কলগছ,তামোল গছ আদি ভাঙি চুৰমাৰ কৰে। আনহাতে ঘটনা সম্পৰ্কে বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে বিষয়টোৰ গুৰুত্ব প্ৰদান নকৰাত আতংকিত হৈ পৰিছে গঞাই ৷ উক্ত ঘটনাৰ খবৰ পাই আজি ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে উক্ত অঞ্চলবোৰ পৰিদৰ্শন কৰি অতি সোনকালে হাতীৰ দলটো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিওৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

বিগত ১৫/১৬ দিনৰ পৰা উক্ত অঞ্চলত হাতীৰ জাকে উপদ্ৰপৰ সৃষ্টি কৰিছে যদিও বিটিচিৰ বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত দুখ প্ৰকাশ কৰি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ লগতে বিটিচিৰ বন বিভাগ ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰি অতি সোনকালে হাতীৰ দলটো খেদি পঠাবলৈ আহ্বান জনায় নহলে ইয়াৰ ওপৰত স্থানীয় লোকক লৈ আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। লগতে হাতীৰ উপদ্ৰপত ক্ষয়-ক্ষতি হোৱা লোক সকলক সাহাৰ্য্য প্ৰদানৰ লগতে ক্ষয়-ক্ষতি পৰ্যবেক্ষণ কৰি উপযুক্ত ক্ষতিপূৰণ দিবলৈও আহ্বান জনায় বিধায়ক নাৰ্জাৰীয়ে।

You might also like