নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্থিকভাৱে দুৰ্বল ছাত্র-ছাত্ৰীলৈ এন ই উজ্জীৱন ফাউণ্ডেচনৰ জলপানি

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “এন ই উজ্জীৱন ফাউণ্ডেচনৰ” সৌজন্যত যোৰহাট জিলাৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্ৰীৰ উচ্চশিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ এক জলপানিৰ ব্যৱস্থা কৰা হৈছে। সঞ্চালক শ্ৰীমন্ত মাধৱ দত্তই এক প্ৰেছ বিবৃত্তি যোগে সংবাদ মাধ্যমক জনাই যে যোৰহাট জিলাৰ অন্তৰ্গত দৰিদ্ৰ সীমাৰেখাৰ তলৰ (BPL) প্ৰমাণ পত্ৰ থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলকহে এই জলপানি দিয়াৰ বাবে বিবেচনা কৰা হ’ব। ইচ্ছুক ছাত্র-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকক ৯৯৫৪৬৮৪২৫১, ৮৬৩৮১১১৮৫২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। যোগাযোগৰ অন্তিম তাৰিখ ১৫ জুলাই,২০২২। উল্লেখ্য যে  আৱেদনৰ ওপৰত ভিত্তি কৰি জলপানিৰ বাবে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসমূহৰ নাম সংবাদ মাধ্যম আৰু এন ই উজ্জীৱন ফাউণ্ডেচনৰ ৱেব চাইডত ঘোষণা কৰা হ’ব।

You might also like