নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কভিড-১৯ ৰ দুৰ্যোগৰ মাজতো উন্নয়ণ অব্যাহত থাকিব”- বিধায়ক ৰূপক শৰ্মা

নগাঁৱত চিগনেছাৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হবলগীয়া পথৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ : “কভিড-১৯ সংক্ৰমণৰ মাজতো উন্নয়ণৰ কাম কাজ অব্যাহত থাকিব। বাট-পথকে ধৰি উন্নয়ণমূলক কাম-কাজ ক্ষীপ্ৰতৰ কৰিলেহে আমি অৰ্থনৈতিক ভাৱে সবল হব পাৰিম আৰু অসমখন আগুৱাই যাব।”-এই মন্তব্য নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।আজি নগাঁৱত বিধায়ক শৰ্মাই ১০ কোটি টকা ব্যয় সাপেক্ষে চিগনেছাৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হবলগীয়া এটা পথৰ আধাৰশিলা স্থাপন কৰে।

অসম চৰকাৰৰ এক অভিলাষী আঁচনি ছিগনেচাৰ প্ৰজেক্টৰৰ অধীনত উন্নয়ন হ’ব লগীয়া এই গুৰুত্বপূৰ্ণ পথ মাজৰআটি চাৰিআলিৰ পৰা খুটিকটীয়া কলংপাৰহৈ বেবেজীয়া পথটোৰ উন্নয়নৰ কামৰ আজি আধাৰশিলা স্থাপন কৰা হয় । নগাঁও চহৰত তীব্ৰ যানজঁটৰ বহুদিনীয়া সমস্যাৰ প্ৰতি লক্ষ্যৰাখি নগাঁও চহৰৰ মাজৰআটি চাৰিআলিৰ পৰা বেবেজীয়া পৰ্যন্ত এই পথচোৱাৰ উন্নয়নৰ কাম হাতত লোৱা হৈছে ৷ প্ৰায় দহ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া পথটোৰ ৫.৫ মিটাৰ বহল আৰু ৫.০৫ কিলো মিটাৰ দৈঘ্যৰ উন্নয়নৰ কাম সদ্যহতে হাতত লোৱা হৈছে ৷ উল্লেখ্য যে,মাজৰআটিৰ পৰা ভুঞাপট্টি হৈ বেবেজীয়ালৈ যোৱা পথটিৰ সৰ্ব্বমুঠ দৈঘ্য ১১ কিলো মিটাৰ যদিও বৰ্তমান ছিগনেচাৰ প্ৰজেক্টৰৰ অধীনত ৫.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কামহে আৰম্ভ হব ৷

ইয়াৰ পিছৰ পৰ্যায়ত বাকী ৰৈ যোৱা ৫.৯৫ কিলো মিটাৰ পথৰ কাম অতি সোনকালে আৰম্ভ হব বুলি জানিব পৰা গৈছে ৷ ‘অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগৰে নিৰ্মাণ হব লগীয়া পথটিৰ উন্নয়ন সম্পূৰ্ণ হলে নগাঁও বাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বহুদিনীয়া এক অভাৱ দূৰ হ’ব’ বুলি আধাৰশিলা স্থাপন অনুষ্ঠানত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ৷ আজি আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপৰ হয়ৱৰগাঁৱত অনুষ্ঠিত এই আধাৰশিলা স্থাপন অনুষ্ঠানত নগাঁও গড়কাপ্তানি পথ চক্ৰৰ অধীক্ষক অভিযন্তা পল্লৱ শৰ্মা,কাৰ্যবাহী অভিযন্তা নৃপেন কলিতা,সহকাৰী অভিযন্তা অতনু শৰ্মা, প্ৰাক্তন পৌৰপতি দিগন্ত দাসৰ লগতে গড়কাপ্তানি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী সকল, বিজেপি দলৰ নগাওঁ আৰু হয়বৰ গাঁও মণ্ডলৰ সভাপতি বিজয় গুপ্তা, দীপাংকৰ ৰয় সহ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে আধাৰশিলা স্থাপন অনুষ্ঠানতে সাংবাদিকে বিধায়ক শৰ্মাক দুটা দিনৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে বিধান সভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিষয়ে উনুকিয়াই দিয়াত বিধায়ক জনে কয় যে, “বৰ্তমান কভিড-১৯ সংক্ৰমনৰ বিৰুদ্ধে যুঁঁজাৰ সময়।বৰ্তমান উন্নয়ন ক্ষীপ্ৰতৰ কৰাৰ সময়।নিৰ্বাচনলৈ বহু সময় আছে।সেয়ে এই বিষয়বোৰ বৰ্তমান আলোচনা কৰাৰ সময় নহয়। ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ত আমি এতিয়া ৰাইজৰ কাষত থাকিব লাগিব। এই সময়ত আমি সকলোৱে মিলি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিব লাগিব। ” ‘নিৰ্বাচনত টিকেট বিচৰাৰ সকলোৰে অধিকাৰ আছে’ বুলি মন্তব্য কৰি তেওঁ কয় যে, “আমি পূৰ্বতেও কৈছোঁ-বৰ্তমানেও কওঁ এজন জ্যেষ্ঠ নেতা হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় আছে।

তদুপৰি উন্নয়ন মূলক কাম সমূহৰ কৃতিত্ব মই বা আন কোনোবাই লোৱাতকৈ বিজেপি চৰকাৰ খনকহে দিব লাগিব।একেদৰে আমি যদি উন্নয়নৰ কৃতিত্ব দিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আদিকহে দিয়া উচিত। কাৰণ এওঁ লোকৰ নেতৃত্বত দেশ আৰু অসমত উন্নয়ন দ্ৰুতগতিত চলি আছে। এই চাৰি বছৰত নগাওঁ চহৰৰ ব্যাপক উন্নয়ন হৈছে। চহৰখন এতিয়া ন-ৰূপত গঢ়ি উঠিছে। ইয়াৰ সকলো কৃতিত্ব বিজেপি চৰকাৰৰ।”

You might also like