মোবাইলৰ গেমৰ ভয়াৱহতা, আত্মহত্যা কৰিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ বাক্সাত মোৱাইল ফোনে কাল মাতিলে এটি বাৰ বছৰীয়া কিশোৰৰ জীৱনলৈ ৷ উল্লেখ্য যে ৰক্তিম কলিতা নামৰ আকাশ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে শনিবাৰে টিউচনৰ পৰা দেউতাকৰ আলুৰ গুডাউনত আত্মহত্যা কৰে।
গুডাউনটোত সোমাই কিশোৰ ৰক্তিমে বহু পলমকৈ ওলাই নহাত পৰিয়ালৰ লোকে ৰক্তিমক মাতে যদিও গুডাউনটোৰ ভেন্টিলেটৰ প্ৰত্যক্ষ কৰাত ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।
দৰ্জা ভাঙি ৰক্তিমৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত প্ৰত্যক্ষ কৰে মৃতদেহৰ কাষত উকা কাগজত ৰক্তিমে অংকন কৰা মুণ্ডন হীন এটি জকা ৷ পূৰ্বেও ৰক্তিমে মোৱাইলত ভিডিঅ গেমৰ অস্বাভাৱিক ষ্টেটাচ দি থকা বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে ৷ মোৱাইত গেম খেলি ৰক্তিমে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ ব্যক্ত কৰে পৰিয়ালৰ লোকে ৷