নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ পূব যোৰহাট মইনা পাৰিজাতৰ শিশু সমাৰোহ

বিশেষ বাৰ্তা, ২৫ জানুৱাৰীঃ মৰিয়নিৰ সমীপৰ মাজকুৰি লাহিং সাংস্কৃতিক ক্ষেত্ৰত অনুষ্ঠিত হোৱা পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহখনি তিনিদিনীয়া কাৰ্য্যসূচীৰে কালি সামৰণি পৰে। পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত মাজকুৰি লাহিঙৰ সোনালী মইনা পাৰিজাত, নামনি মাজকুৰিৰ আলোক সন্ধানী মইনা পাৰিজাত আৰু নকুৰিৰ উদিপ্তজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগ আৰু আতিথ্যত এই শিশু সমাৰোহখনি তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল। পুৱা বন্তি প্ৰজ্বলন আৰু সামূহিক প্ৰাৰ্থনা শুভাৰম্ভ কৰি কালি অন্তিম দিনৰ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ ব্যক্তি আনন্দ চুতীয়াই। ইয়াৰ পাছতে অসমীয়া জাতীয় সংস্কৃতিক প্ৰতিফলন কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে যুৱ সমাজকৰ্মী বিকাশ শইকীয়াই। শোভাযাত্ৰাৰ গায়ন-বায়ন, বিহু-ঐনিতম -বিয়া নাম, দিহা নাম আদিৰ সুৰে লাহিং মাজকুৰি আৰু কাষৰীয়া এলেকাৰ জনতাৰ মন পুলকিত কৰি তোলে। দুপৰীয়া বালিজনীয়া লাহিঙৰ দিব্যজ্যোতি মইনা পাৰিজাতৰ মইনা প্ৰিয়া চুতীয়াই সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে নামনি মাজকুৰিৰ আলোক সন্ধানী মইনা পাৰিজাতৰ মইনা সাগৰ সংকাশ চুতীয়াই। আনহাতে বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ মইনা ৰিয়া শইকীয়া নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহন কৰা মুকলি সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহন কৰে মাইবেলীয়া প্ৰভাতী মইনা পাৰিজাতৰ চেমনীয়া বৈদুয্য বৰুৱাই। উক্ত মুকলি সভাখনিত মুখ্য অতিথি হিচাপে অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা- পৰিচালক প্ৰাঞ্জল শইকীয়াই অংশ লৈ মইনাসকলৰ লগতে উপস্থিত জনতাক ৰসাল বক্তব্যৰে মন মুগ্ধ কৰে। চিনেমা-টিভিৰ পৰ্দাত দেখি থকা বিশিষ্ট অভিনেতাজনক কাষতে পাই শিশুসকল আনন্দিত হৈ পৰে। সভাত শিক্ষা গ্ৰহণ, বহিঃপাঠ্যক্ৰম প্ৰাসংগিকতা, মইনা পাৰিজাতৰ প্ৰয়োজনীয়তা আদি বিষয়ে বিশেষ গুৰুত্ব পায়। শিশু সমাৰোহখত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ ভিত্তিত এই বাৰৰ শ্ৰেষ্ঠ মইনা পাৰিজাতৰ সন্মান যুটীয়াভাৱে পানবাৰী লাহিঙৰ ‘ৰূপালী মইনা পাৰিজাত’ আৰু হেমলাই মৰাণৰ ‘সুৰভী কানন মইনা পাৰিজাতে লাভ কৰে। চেমনীয়া শাখাত বালিজনীয়া লাহিঙৰ দিব্যজ্যোতি মইনা পাৰিজাত শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে। ৩১ সংখ্যক শিশু সমাৰোহৰ শ্ৰেষ্ঠ মইনাৰ সন্মান লাভ কৰে লাহদৈগড় মৰাণৰ জোনালী মইনা পাৰিজাতৰ মইনা অভিনৱ গগৈয়ে। সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্য্যসূচীৰ লগতে ভাওনা প্ৰদৰ্শন কৰা হয়। পূব যোৰহাট মইনা পাৰিজাতৰ সভাপতি বদন বৰুৱা, সম্পাদক তুলতুল শইকীয়া, উদযাপন সমিতিৰ সভাপতি দুলাল চন্দ্ৰ চুতীয়া আৰু সম্পাদক নিৰোদ চুতীয়াই ৩১ সংখ্যক মইনা পাৰিজাতৰ সমাৰোহখনি সফলভাৱে সম্পন্ন হোৱাৰ বাবে সকলো শাখা মইনা পাৰিজাত আৰু স্থানীয় ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like