নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তত খটখটি আৰক্ষীৰ অভিযানঃ নগদ ধন, ব্ৰাউন চুগাৰ জব্দ  

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই প্ৰায় নিতৌ ড্ৰাগছ সৰবৰাহৰ বাবে চেষ্টা অব্যাহত ৰাখে যদিও আৰক্ষীৰ নিচিদ্ৰ তালাচীত কিন্তু বিগত এটা বছৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহৰ কামত মহিলাক ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণ অনুসৰি আজি দিনৰ প্ৰায় ১১.৩০ বজাত অসম-নগালেণ্ড সীমান্তৰ তালাচী চকীত কৰ্তব্যৰত আৰক্ষী জোৱানে এটা প্লাষ্টিকৰ মোনা হাতত লৈ অহা এগৰাকী মহিলাক প্ৰত্যক্ষ কৰাৰ লগতে মহিলাগৰাকীৰ চালচলনত আৰক্ষী জোৱানজনৰ সন্দেহ ওপজে। মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে সন্দেহজনক মহিলাগৰাকীক উক্ত স্থানতে ৰখাই থৈ এই সন্দৰ্ভত আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে।
ঘটনাৰ বিষয়ে অৱগত হৈ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্লাষ্টিকৰ মোনাটোত তালাচী চলাই ১২ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১৪৮ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত মহিলাগৰাকী চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ জিলাৰ পশ্চিম ধুবীনলা নিবাসী লংনিলা দেৱনাথ পুমেই বুলি চিনাক্ত কৰাৰ লগতে আৰক্ষীৰ প্ৰাথমিক সোধ-পোছত মহিলাগৰাকীয়ে জব্দ হোৱা ড্ৰাগছখিনি অন্য এজন লোকক দিবলৈ অনা বুলি স্বীকাৰ কৰে।
আৰক্ষীয়ে লগে লগে এক  অভিযান চলাই নিষিদ্ধ ড্ৰাগছখিনি সংগ্ৰহৰ বাবে অহা আন এটা সৰবৰাহকাৰীকো বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো গোলাঘাট জিলাৰ সৰুপথাৰ থানাৰ অন্তৰ্গত দুই নং কৰিগাঁও নিবাসী ৰঞ্জিত গগৈ (৪৩) বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰীটোৰ সৈতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে এএছ-০৫-কিউ-০৪৮২ নম্বৰৰ এখন স্কুটিসহ নগদ এক লাখ টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে জব্দকৃত জ্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ছয় লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
You might also like