মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্রৰ উদ্ভণ্ডালি; অন্তঃসত্ত্বা শিক্ষয়িত্রীক আক্রমণ ২২ ছাত্রৰ ওপৰত অনুশাসন ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: ডিব্রুগড জিলাৰ মৰাণৰ ডোমৰদলং গাঁৱত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত এদল উদণ্ড ছাত্রৰ উদ্ভণ্ডালিয়ে শিক্ষানুষ্ঠানৰ লগতে শিক্ষক সমাজক লজ্জানত কৰিছে৷ পৰীক্ষাত নিম্নমানৰ ফলাফল প্রদর্শন কৰাৰ কথা অভিভাৱকৰ সভাত এগৰাকী শিক্ষয়িত্রীয়ে অৱগত কৰাৰ বাবেই এদল ছাত্রৰ আক্রমণৰ লক্ষ্য হয় শিক্ষয়িত্রীগৰাকী৷ যোৱা ২৭ নৱেম্বৰৰ সন্ধিয়া ইভিনিং এছেম্বলীৰ সময়তে ২৫–৩০জনীয়া ছাত্রৰ দলটোৱে আগুৰি ধৰি শাৰীৰিক আৰু মানসিক আক্রমণৰ লক্ষ্য কৰি লয় শিক্ষয়িত্রী অঞ্জু ৰাণীক৷ ঘটনাৰ বিৱৰণী অনুসৰি, সেইদিনা দিনৰ ভাগত হোৱা অভিভাৱকৰ সভাত একাংশ ছাত্রই পৰীক্ষাত কম নম্বৰ লাভ কৰা সম্পর্কত অভিভাৱকক অৱগত কৰিছিল শিক্ষয়িত্রীগৰাকীয়ে৷ ইয়াৰ পৰিণতিত একাংশ উদণ্ড ছাত্রই আক্রমণৰ লক্ষ্য কৰি লৈছিল শিক্ষয়িত্রীগৰাকীক৷ সন্ধিয়া অংকুশ সিং নামৰ দশম শ্রেণীৰ এজন ছাত্রৰ নেতৃত্বত দশম আৰু একাদশ শ্রেণীৰ ছাত্রৰ এটা দলে শিক্ষয়িত্রীগৰাকীক আক্রমণৰ প্রচেষ্টা চলায় যদিও বিদ্যালয়খনৰ কর্মচাৰীসকলৰ সহযোগত শিক্ষয়িত্রীগৰাকী ৰক্ষা পৰে৷ এই ঘটনাৰ পাছতে পাঁচমাহৰ অন্তঃসত্ত্বা শিক্ষয়িত্রীগৰাকী চিকিৎসাধীন হ’বলগীয়া হয়৷ এই ঘটনা সন্দর্ভত সোমবাৰে বিদ্যালয় কর্তৃপক্ষই অভিভাৱক সভা অনুষ্ঠিত কৰি বিদ্যালয়খনৰ ২২গৰাকী ছাত্রৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লৈছিল যদিও অধ্যক্ষ ৰিতেশ কুমাৰকো আক্রমণৰ বাবে উদ্যত হয় উদণ্ড ছাত্রৰ দলটো৷ পাছত মৰাণ আৰক্ষীৰ সহায় লৈ অধ্যক্ষ আৰু শিক্ষক–শিক্ষয়িত্রীস নিশা কটোৱাৰ বিপৰীতে সমগ্র ঘটনাটোৱে বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রীস শংকিত কৰি তুলিছে৷ আনহাতে, যিকোনো আক্রমণৰ ঘটনাৰ আশংকাত তীব্র নিৰাপত্তাহীনতাত ভোগা বিদ্যালয় কর্তৃপক্ষই জিলা প্রশাসনৰ পৰা সহায় বিচাৰিছে৷ ইতিমধ্যে ২২গৰাকী ছাত্রৰ এখন তালিকা প্রস্তুত কৰি বিদ্যালয়ৰ পৰা বহিষ্কাৰৰ বাবে অনুমোদন বিচাৰি ঊর্ধ্বতন কর্তৃপক্ষলৈ প্রেৰণ কৰিছে অধ্যক্ষই৷ এই ঘটনা লৈ বিদ্যালয়খনত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে৷