নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ ৫৭৫ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠান দিল্লীত পাতিব অসম চৰকাৰে

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: বীৰ লাচিত বৰফুকনৰ পাছত এতিয়া মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক দেশবাসীৰ সন্মুখত দাঙি ধৰাৰ সময়৷ নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সফল উদ্যাপনে ৰাজ্য চৰকাৰক এতিয়া গুৰুজনাৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তী দেশৰ ৰাজধানীত পালন কৰিবলৈ উৎসাহিত কৰি তুলিছে৷ অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়া প্রথম ব্যক্তিজনেই হৈছে জগতগুৰু শ্রীমন্ত শংকৰদেৱ৷ তথাপি বীৰযোদ্ধা লাচিত বৰফুকনৰ দৰেই মহাপুৰুষগৰাকীৰ জীৱনবৃত্তান্ত বহুলাংশে দেশবাসীৰ অগোচৰে থাকি গৈছে৷ এই কথা অনুধাৱন কৰি অহা বছৰ শ্রীমন্ত শংকৰদেৱৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তী বছৰজোৰা কার্যসূচীৰে পালন কৰাৰ যো–জা চলাই থকা হৈছে৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ দৰেই শংকৰদেৱৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠান অতি ধুমধামেৰে দিল্লীত অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰি আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে ২৫ নৱেম্বৰত লাচিত বৰফুকনৰ তিনিদিনীয়া ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠানৰ পাছত দিল্লীৰ আছাম হাউছত ৰাজ্যৰ সত্রাধিকাৰসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই এখন বৈঠকত মিলিত হৈছিল৷ উক্ত বৈঠকতেই ৰাজধানী দিল্লীত গুৰুজনাৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তী উদ্যাপনক লৈ বিশদ আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ সমগ্র বিষয়টোক লৈ সত্রাধিকাৰসকলৰ মাজত আলোডন সৃষ্টি হৈছে তথা তেওঁলোকে যথেষ্ট উৎসাহ প্রকাশ কৰাবুলি প্রকাশ৷ বৈঠকত মহাপুৰুষৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তী দিল্লীত অনুষ্ঠিত কৰাৰ বিষয়টো আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সত্রাধিকাৰসকলক জানিবলৈ দিছে৷ উল্লেখ্য যে ১৪৪৯ চনৰ ২৬ ছেপ্ঢেম্বৰত জন্মগ্রহণ কৰা শ্রীমন্ত শংকৰদেৱৰ অহাবর্ষত ৪৭৫সংখ্যক জন্মজয়ন্তী৷ অসমীয়া ভাষা–সংস্কৃতিৰ পথাৰখনক মহাপুৰুষজনে নৱবৈষ্ণৱ আন্দোলনৰ জৰিয়তে যি ঐক্য–সংহতি আৰু কৃষ্টিৰ বীজ সিঁচি গৈছিল, তাৰে শস্যময় ভঁৰালটো আজিও পৰিপূর্ণ হৈ আছে৷ জাতিৰ জাতীয় চেতনা নির্মাণ কৰাৰ ক্ষেত্রত প্রধান চালিকা শক্তিৰ দৰে কাম কৰি আছে৷ অসমৰ বৌদ্ধিক জগতখনে বিভিন্ন দিশত শংকৰদেৱৰ কর্মৰাজিৰ মূল্যায়ন কৰিছে৷ শংকৰদেৱে গঢ়ি যোৱা সংস্কৃতিৰ মূল সৌধৰ ওপৰত থিয় হৈয়েই অসমীয়া জাতিয়ে আজি মূৰ দাঙি থিয় দিব পাৰিছে৷ সত্রাধিকাৰসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাও এই বিষয়ত এক মত যে গুৰুজনাৰ সৃষ্টিৰাজি তথা সমাজ সংগঠক হিচাপে তেওঁৰ জীৱন কাহিনী দেশবাসীৰ সন্মুখত দাঙি ধৰাৰ অতি প্রয়োজন হৈ পৰিছে৷ জানিব পৰা মতে, প্রাৰম্ভিক সিদ্ধান্ত অনুসৰি বছৰজোৰা ৪৭৫ বছৰীয়া জন্মজয়ন্তী সমগ্র অসমত চৰকাৰী কার্যসূচীৰে পালন কৰা হ’ব৷ বিশেষকৈ গুৰুজনাৰ জন্মস্থান বৰদোৱা আৰু মহাপ্রয়াণ ঘটা পশ্চিমবংগৰ ভেলা মধুপুৰত বর্ণাঢ়্যভাৱে জন্মজয়ন্তী পালন কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে৷ আনহাতে, দিল্লীত অনুষ্ঠিত হ’বলগীয়া সামৰণী অনুষ্ঠানত দেশ–বিদেশৰ গণ্য–মান্য ব্যক্তিক আমন্ত্রণ জনোৱা হ’ব৷ শ্রীমন্ত শংকৰদেৱৰ ৪৭৫ বছৰীয়া জন্মজয়ন্তীত অসমীয়াৰ সমান্তৰালকৈ অনা–সমীয়া লোককো সমৰি ল’ব বিচাৰিছে ৰাজ্য চৰকাৰে৷ তদানীন্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে উদ্বোধন কৰা আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উপস্থিতিত বছৰজোৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠানৰ সফলতাৰ পাছত এতিয়া ৰাজ্য চৰকাৰ গুৰুজনাক লৈ ব্যস্ত হোৱাৰ দিশে আগবাঢ়িছে৷

You might also like