নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভিন্ন প্রান্তত আবদ্ধ ২৫০  বাছসহ কেৰালাৰ ৫ শতাধিক চালক

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন ঠাইত কেৰালাৰ পৰা অহা প্রায় ২৫০খন বাছৰ লগতে পাঁচ শতাধিক চালক আবদ্ধ হৈ আছে৷ এমাহ পূর্বে অহা কেৰালাৰ চালকসকলে ধনৰ অভাৱত নিজ গৃহলৈ উভতি যাব পৰা নাই৷ যাৰ বাবে এইসকল চালকে এতিয়া খাদ্য সংকটত ভুগিব লগা হৈছে৷ অসম চৰকাৰৰ জৰিয়তে কেৰালা চৰকাৰক সহায় কৰাৰ বাবে     আহ্বান জনাইছে এইসকল দুর্ভগীয়া চালকে৷

উল্লেখ্য যে নির্বাচন আৰু ঈদৰ পূর্বে কেৰালাৰ বিভিন্ন কোম্পানীত কাম কৰা অসমৰ ১২ হাজাৰতকৈ অধিক শ্রমিকক কেৰালাৰ এটা ড্রেভেল এজেঞ্চীৰ জৰিয়তে এই বাছসমূহত অসমলৈ অনা হয়৷ নির্বাচন আৰু ঈদ শেষ হোৱাৰ পাছত শ্রমিকসকল পুনৰ এই বাছসমূহেৰে উভতি যোৱাৰ কথা আছিল৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে নগাঁও, মৰিগাঁও, দৰং, শোণিতপুৰ আদিৰ শ্রমিকসকলে উভতি যাবলৈ অমান্তি হয়৷ শ্রমিকসকলক ওভতাই নিব নোৱাৰাৰ বাবে ড্রেভেল এজেঞ্চীটোৱে বাছৰ ভাৰা আদায় দিবলৈ অসন্মত হয়৷

যাৰ বাবে তেল ভৰাবলৈ ধন নোহোৱাত ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন ঠাইত পাঁচ শতাধিক চালকে বাছসহ আবদ্ধ  হৈ থাকিব লগা হৈছে৷ ৰঙিয়াৰ চেপ্তিস্থিত খ্রীষ্টান মিছনেৰী সংস্থা এটাৰ আৱাসত আশ্রয় লৈ আছে ৮খন বাছৰ ১৬গৰাকী চালকে৷ এমাহৰো অধিক সময় এনেদৰে থাকিব লগা হোৱাত চালকসকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে৷ ৰঙিয়া–দৰং–গুৱাহা পৰিবহণ সন্থাই এইসকল চালকৰ এনে এক জটিল সমস্যাৰ বাবে অসম চৰকাৰক কেৰালা চৰকাৰৰ সৈতে আলোচনা কৰি এক সু–সমাধান কৰিবলৈ আহ্বান জনাইছে৷

You might also like