দৰিদ্ৰ ৰাইজক সাহায্য বিতৰণ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা, ২ মেঃ সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা ৰাজ্যিক সাহায্য বিতৰণ আহ্বানৰ পৰিপ্ৰেক্ষিতত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই ১ আৰু ২ এপ্ৰিল তাৰিখে জিলাখনৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।
জিলাখনৰ কুশতলি, গেৰুৱা, ভূৰাগাঁও, গছৰগুৰি, ভূৰবন্ধা, হাবিবৰঙাবাৰী, মিকিৰভেটা, চৰাইবাহী, বাৰপূজিয়া, জালুগুটি, মৰিগাঁও সদৰ, জাগী ভকতগাঁও, মনহা, জাগীৰোড, মায়ং, ধৰমতুল, আঁহতগুৰি অঞ্চলত সাহায্য বিতৰণ কৰে ছাত্ৰ সংগঠনটোৱে ।
সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে কয় যে- এই সাহায্য পৰ্যাপ্ত নহয় ৰাইজৰ বাবে । লগতে জিলাখনৰ সামৰ্থবান ব্যক্তিসকলক নিজ নিজ অঞ্চলৰ আৰ্তজনক সহায় কৰিবলৈও তেওঁলোকে অনুৰোধ জনাই । ইয়াৰোপৰি মহামাৰী ক’ৰোনাৰ লকডাউনৰ সময়ত যিসকলে দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়াইছে, সেইসকল ব্যক্তিক ধন্যবাদ জনায়।