নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে তৎপৰ মৰিগাঁও স্বাস্থ্য বিভাগ

নিয়মীয়া বার্তা, ১৩ আগষ্ট: কোভিডৰ সংক্ৰমণৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে ৰাজ্যজুৰি তৎপৰতা আৰম্ভ কৰিছে।
ইতিমধ্যে মৰিগাঁও জিলাত বিগত কেইটিমান মাহৰ ভিতৰতে ১০গৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪গৰাকীৰ অকাল মৃত্যু হোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ আলোচনা কক্ষত এখন জিলা পৰ্যায়ৰ বিশেষ সভা অনুষ্ঠিত হয়,য’ত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে।
মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখন মৰিগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে আগন্তুক সময়ছোৱাত ল’ব লগা ব্যৱস্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়। উক্ত সভাখনত উপস্থিত থাকে ড৹ প্ৰণৱ দাস, ড৹ পাৰসী চৌধুৰী আদি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল।

You might also like