নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলিঅ’ খুওৱাৰ পিছতেই শিশুৰ মৃত্যুৰ অভিযোগঃ তদন্ত দাবী আটছাৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ পলিঅ’ সেৱন কৰোৱাৰ পাছতে তিনিমহীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰ গাঁ‌ৱৰ নিৱাসী অজিত মুণ্ডা নামৰ লোকজনে তেওঁৰে তিনিমহীয়া পুত্ৰ সন্তান নিখিল মুণ্ডা নামৰ শিশুটিক মাকে বুধবাৰে দিনৰ প্ৰায় এঘাৰ বজাত ঘৰৰ ওচৰৰে ৩ নং উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত পলিঅ’ খুৱাই ঘৰলৈ আনিছিল। শিশুটিক ঘৰলৈ অনাৰ পাছত আবেলি প্ৰায় চাৰি বজাৰ পৰা শিশুটোৱে কান্দিবলৈ আৰম্ভ কৰে।
জ্বৰত আক্ৰান্ত হৈ পৰা শিশুটি শেষত নিশা প্ৰায় বাৰ বজাত নিজ গৃহতেই মৃত্যু হয়। ইপিনে পৰিয়ালৰ লোকে স্বাস্থ্যকৰ্মীয়ে দিয়া বেজী আৰু পলিঅ’ খুওৱাৰ বাবেই মৃত্যু হোৱা বুলি কৰা অভিযোগৰ কথা স্বাস্থ্যকৰ্মীয়ে নস্যাৎ কৰিছে। স্বাস্থ্যকৰ্মীয়ে জানিবলৈ দিয়া মতে কিবা কাৰণত যদি ঔষধৰ পাৰ্শ্বক্ৰিয়া হয়, তেন্তে ঔষধ সেৱনৰ বিশ মিনিটৰ পাছতেই শিশুৰ তেনে লক্ষণ দেখা দিব বুলি কৈ মৃত্যুৰ অন্য কিবা কাৰণ বুলিহে উল্লেখ কৰিছে।
অন্যহাতে এনে এক মৰ্মান্তিক ঘটনাৰ বিষয়ে স্থানীয় আদবাসী ছাত্ৰ সন্থাৰ সদস্যই এই বিষয়ে অৱগত হৈ অজিত মুণ্ডাৰ ঘৰত আজি আটছাৰ এটা সঁজাতী দল উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগক উচিত তদন্তৰ কৰিবৰ বাবে দাবী জনায়। সমগ্ৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

You might also like