নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত লোমহৰ্ষক হত্যাকাণ্ড এজনক হত্যা কৰি শৌচাগাৰৰ টেংকীত পুতি থ’লে ধৃত দম্পতী

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ  এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় মৰিয়নি । মৰিয়নিৰ সমীপৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত টিপালি বস্তিত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত জানিব পৰা মতে, টিপালি বস্তিৰ অনিল মুণ্ডা নামৰ লোকজনে এক গাঁ‌ৱৰে বিহুত পানিকা নামৰ (২৮ ) বছৰীয়া ব্যক্তিজনক হত্যা কৰে ।

অনিল মুণ্ডাৰ স্বীকাৰোক্তি মতে,বিহুত পানিকাই অনিল মুণ্ডাৰ পৰিবাৰক অশ্লীল ইঙ্গিত দি আছিল । যোৱা ২৪ অক্টোবৰৰ সন্ধিয়া ৮ মান বজাত এই বিষয়লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি লাগে । পিছত খঙৰ ভমকত অনিল মুণ্ডাই বিহুত পানিকাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ লগতে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি এটা পলিথিনেৰে মেৰিয়াই শৌচাগাৰৰ চেফটি টেংকিত সোমোৱাই থয় । কিন্তু দুদিন পিছত মৃতদেহৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰাত উপায় বিহীন হৈ কালি অৰ্থাৎ যোৱা ২৬ অক্টোবৰত দেবেৰাপাৰ আৰক্ষী চকীত আত্মসমৰ্পন কৰে । পিছত কালি ৰাতি দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে মৰিয়নি আৰক্ষী থানাত ২৭৪ / ২১ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ / ২০১ / ৩৪ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি হত্যাকাৰী অনিল মুণ্ডাৰ লগত অনিল মুণ্ডাৰ পত্নী মামনি মুণ্ডাক গ্ৰেপ্তাৰ কৰিছে । ইতিমধ্যে মামনি মুণ্ডাক জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে অনিল মুণ্ডাক দুদিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছে । হত্যাকাণ্ডত অনিল মুণ্ডাৰ পত্নী মামনি মুণ্ডাৰো সহযোগ আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ইফালে স্থানীয় একাংশ লোকে এই ঘটনা অবৈধ চুলাইৰ পৰিণতি বুলি অভিযোগ উত্থাপন কৰিছোঁ‌ । ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

You might also like