পুত্ৰ জয়ন্ত বৰাৰ ন্যায় বিচাৰি বৰহোলা থানাৰ সন্মুখত মাতৃৰ অনশন
অভিযুক্ত আৰক্ষীক নিলম্বনৰ ক্ষন্তেকীয়া নাটক প্ৰদৰ্শনৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ আজি দুমাহে ন্যায় নাপালে তিতাবৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰাৰ পৰিয়ালবৰ্গই। একমাত্ৰ পুত্ৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি মাতৃ লীলা বৰাই আজি বৰহোলা আৰক্ষী থানাৰ সন্মুখতে অনশন আৰম্ভ কৰিছে। পুত্ৰৰ ফটো আগত লৈ পুৱা ১০ বজাৰ পৰা অনশন আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ কেইবাজনীয়া এটা দল আহি অনশনস্থলীত উপস্থিত হয়।
বিষয়াকেইজনক উদ্দেশ্যি অতি ক্ষোভেৰে লীলা বৰাই কয়- ‘মোৰ একমাত্ৰ পুত্ৰ জোনক (জয়ন্ত বৰা) নিশা মোৰ কাষৰ পৰা আঁজুৰি নি হত্যা কৰিলে। মই এতিয়া অকলশৰীয়া হৈ পৰিলোঁ। হত্যাকাৰীৰ নামসহ মই নিজেই এজাহাৰ দিয়া পিছতো আজিও সিহঁতে মুকলিকৈ ঘূৰি ফুৰিছে। তদন্তৰ নামত একো নহ’ল কিয় ? প্ৰশাসনৰ মানুহে মোক বাৰে বাৰে কিয় জেৰা কৰি আছে ? মোৰ ল’ৰাক সেনা-আৰক্ষীয়ে হত্যা কৰিছে। জেৰা মোক কৰিব লাগে নে অভিযুক্তসকলক কৰিব লাগে ? সেই সময়ৰ বৰহোলা থানাৰ অ’ চি মিণ্টু সন্দিকৈয়ে ‘মই আহিছোঁ যেতিয়া ইয়াক আজি নিমেই’ বুলি মোৰ আগতে জয়ন্তক জোৰজুলুমকৈ মাজনিশা শুৱাপাটীৰ পৰা উঠাই লৈ আহিছিল। মোৰ ল’ৰাক হত্যা কৰি এতিয়া তদন্তৰ নামত যি ভেকোভাওনা আৰম্ভ কৰিছে আমি কেতিয়াও মানি নলওঁ। মোক মোৰ পুত্ৰৰ হত্যাৰ ন্যায় লাগিবই।’
ন্যায় নোপাৱা পৰ্যন্ত এই আমৰন অনশন কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্টকৈ ব্যক্ত কৰে মাতৃ লীলা বৰাই। প্ৰশাসনৰ দলটোৱে বৰহোলাৰ চিকিৎসা কৰ্মীক লগত লৈ লীলা বৰাৰ উচ্চ ৰক্তচাপ হোৱা বুলি কোৱাত অনশনস্থলীত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।।
উল্লেখ্য যে সেনা-আৰক্ষীৰ যৌথ অভিযানত যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰা নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু হোৱাৰ আজি দুমাহ পাৰ হ’ল। ঘটনাৰ পিছতে সেনা-আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ আৰু বৃহত্তৰ বালিজানবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এটা চৰকাৰী প্ৰতিনিধিৰ দল জয়ন্তৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ ৭ দিনৰ ভিতৰত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান হ’ব বুলি লিখিত প্ৰতিশ্ৰুতিও দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজিকোপতি কাৰ্যকৰী নহ’ল।
ইয়াৰ পৰিপ্ৰেক্ষিততে পুত্ৰৰ ন্যায় বিচাৰি আমৰন অনশনৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হৈ পৰিছে দুৰ্ভগীয়া মাতৃগৰাকী। আজি কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ যুটীয়া সম্পাদক প্ৰমোদ গগৈ, সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, নিতুল শইকীয়া, আব্দুল ৰহিম, ন্যায় দাবী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক নৰেন বৰা, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, ছাত্ৰ মুক্তিৰ যোৰহাট জিলাৰ কাৰ্যকৰী সভাপতি অংকুৰ সোণোৱাল, গোলাঘাট জিলাৰ সম্পাদক সুপ্ৰতীম ৰাজখোৱা, প্ৰচাৰ সম্পাদক সুৰজ গগৈ, চুতীয়া ছাত্র সন্থাৰ নেতা অংশুমান শইকীয়াকে ধৰি ‘জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতি’ৰ বহুকেইজন আহ্বায়ক, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকি পূৰ্ণ সহযোগ আগবঢ়ায়।