নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিত চাৰি সন্তানৰ মাতৃক হত্যা

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : প্ৰেমে নামানে জাতপাত, নামানে কোনো সময়ৰ সীমা। আজি পুৱা বৰপেটাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। কলগাছিয়া থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ চাৰি সন্তানৰ মাতৃ ডালিমন নেছাক পূৰ্বৰ স্বামী ময়দান আলীয়ে ডালিমন নেছাৰ দ্বিতীয় স্বামীৰ ঘৰত কোনো ব্যক্তি নথকাৰ সুযোগতে ময়দান আলীয়ে চোকা অস্ত্ৰৰে হত্যা কৰে বুলি জানিব পৰা গৈছে। চাৰি সন্তানৰ মাতৃ ডালিমন নেছাই পৰকীয়া প্ৰেমত পৰি একে গাঁৱৰে তিনি সন্তানৰ পিতৃ আতোৱাৰ ৰহমানৰ লগত এবছৰ পূৰ্বে বিবাহ পাতি সংসাৰ কৰি আছিল। পূৰ্বৰ স্বামী ময়দান আলীয়ে ডালিমনক ঘূৰাই নিবলৈ বহুতো চেষ্টা কৰাৰ পাছতো পত্নীক ঘূৰাই নিবলৈ ব্যৰ্থ হয়। নিজ পত্নী পৰ পুৰুষৰ লগত গুচি যোৱাৰ আঘাত সহিব নোৱাৰি ময়দান আলীয়ে ডালিমনৰ বুকুত চোকা ছুৰী অস্ৰৰে হানি খুঁচি হত্যা কৰে। ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সম্প্ৰতি হত্যাকাৰী ময়দান আলী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ বলাইপাথাৰ অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ তদন্তসাপেক্ষে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক মফিদুল ইছলাম
You might also like