নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কেবিনেট : ডিব্ৰুগড়ৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ২০০০ কোটিৰ পেকেজ

বিশেষ বাৰ্তা, ৩০ জানুৱাৰীঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আজি বিয়লি ইতিহাস প্ৰসিদ্ধ চাহ নগৰীৰ ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উক্ত কেবিনেট বৈঠকত বহু কেইটা জনহিতাৰ্থে গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰা হয়।কেবিনেট বৈঠক সমাপন কৰিয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কয় যে অসমৰ জাতীয় উৎসৱ বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াসৰে লগতে গ্ৰীনিজ বুকচ অৱ ৰেৰ্কডচত নাম অৰ্ন্তভূক্তিৰ বাবে অহা ১৪ এপ্ৰিলত গুৱাহাটীত ১০/১৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিব। যত প্ৰধানমন্ত্ৰী বিশেষভাবে উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।মন্ত্ৰী বিমল বড়া,ড° ৰনোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত চাৰিজনীয়া কেবিনেট কমিটিয়ে উদ্যোগ গ্ৰহণ কৰি অসমৰ বাপতি সাহোন বিহুক বিশ্বৰ বুকুত জিলিকাব পৰাত সফল হব পাৰো। গুৱাহাটীৰ বাহিৰত প্ৰথম ধেমাজিত কেবিনেট অনুষ্ঠিত কৰাৰ পাছত আজি ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছে বুলি মত প্ৰকাশ কৰি মাৰ্চ মাহৰ পাছত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি জিলাত কোনো কেবিনেট বৈঠক নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি পুনৰ চেপ্টেম্বৰ মাহৰ পৰা জিলাৰ বাহিৰত কেবিনেট বৈঠক অনুস্থিত কৰাৰ কথা সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আৰক্ষীৰ প্ৰশাসনিক ব্যৱস্থা তথা আন্তঃগাঠনি সৱলীকৰণৰ বাবে মৈত্ৰি চচাইটীৰ বাবে কেবিনেটে ৩০০ কোটি টকাৰ অনুমোদন জনাইছে। যাৰ ফলত অসম আৰক্ষী আৰু অধিক সৱল আৰু গতিশীল হব পাৰিব আৰু অভিযোগকাৰীয়েও বহু ক্ষেত্ৰত সকাহ পাব পাৰিব।ফেব্ৰুৱাৰী মাহত ওদালগুৰিত পৰৱৰ্তী তথা চলিত বিত্তীয় বৰ্ষৰ শেষ কেবিনেট অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰি পুনৰ চেপ্তেম্বৰ মাহৰ পৰা কোনো এখন জিলাত আৰম্ভ কৰাৰ কথা সদৰী কৰি অহা ১০ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাৰ বিষয়ে উল্লেখ কৰে। অধিৱেশনৰ সময়ত অহা ১৬ মাৰ্চত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব বুলিও জানিবলৈ দিয়ে। কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিধান্তৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যখন ফুলৰ এখন প্ৰকাণ্ড বজাৰ আছে।কিন্ত অৰ্কিডৰ পৰা আৰম্ভ কৰি বিভিন্ন ফুল কলকতাকে আদি কৰি থাইলেণ্ডৰ পৰাও অসমৰ বজাৰত প্ৰৱেশ কৰে।সেয়ে কেবিনেটে আজি ষ্টেট ফ্লৰিকালচাৰ গঠনৰ বাবে অনুমোদন জনাইছে।এই মিচনৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়ত ১৫০ কোটি টকা ব্যয় কৰাৰ লগতে ২০ হাজাৰ কৃষকক জৰিত কৰা হব,প্ৰথম পৰ্যায়ত।ধান আৰু মাছৰ পাছত ফুলৰ ক্ষেত্ৰতো যাতে অসমৰ কৃষক আত্মনিৰ্ভৰশীল হব পাৰে তাৰ বাবে এনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।আনহাতে ৰাজ্যৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ পদবীৰ নাম এতিয়াৰে পৰা সলনি হৈ জুনিয়ৰ ডিচিট্ৰিক এডমিনিচট্ৰেটিভ এচিচটেন্ট, চিনিয়ৰ ডিচিট্ৰিক এডমিনিচট্ৰেটিভ এচিচটেন্ট, ডিচিট্ৰিক এডমিনিচট্ৰেটিভ হেড এচিচটেন্ট,ডিচট্ৰিক চুপাৰভাইজৰি হেড এচিচটেন্ট হিচাপে পৰিচিত হব। আনহাতেদি ৰাজ্যৰ প্ৰতিখন জিলাত থকা নিয়োগ বিনিময় কেন্দ্ৰ সমুহ বৰ্তমানে একপ্ৰকাৰ অচল হৈ গল বুলি উল্লেখ কৰি আজিকালি ঘৰত বহিয়েই পঞ্জীয়নৰ সকলো কাম কৰিব পাৰে।সেয়ে উক্ত নিয়োগ কেন্দ্ৰসমূহ জিলা যুৱ কল্যাণ কাৰ্যালয় হিচাপে ৰূপান্তৰিত কৰাৰ বিষয়েও সিধান্ত গ্ৰহণ কৰা হয়।জিলা বিষয়াগৰাকীয়ে জিলাখনৰ বিভিন্ন পৰ্যায়ত নিয়োগ মেলাৰ আয়োজন কৰা,কেৰিয়াৰ কাউঞ্চেলিং কৰাৰ লগতে ক্ৰীড়াক বাদ দি যুৱ সেৱাসমূহ আগবঢ়াই নিয়াই মুখ্যতম দায়িত্ব হব। অহা কেবিনেটত এখন নতুন উদ্যোগ নীতিৰ বিষয়েও আলোচনা কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়— তেজপুৰত ৰাজভৱন নিৰ্মাণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সচিবালয়ৰ স্থায়ী কাৰ্যলয় ডিব্ৰুগড়তো হব।এতিয়াৰে পৰা ডিব্ৰুগড়ৰ পৰাই মুখ্যমন্ত্ৰী কাৰ্যালয় পৰিচালনা হব পাৰিব। উজনি অসমৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ হব বুলি আশা ৩০০ কোটি টকা অসম চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন জনোৱা হৈছে।মেডিকেলৰ চিকিৎসকৰ কোৱাটাৰ লগতে এটি ৮ মহলাৰ বিল্ডিং নিৰ্মান কৰি পুৰণা ঘৰৰ স্থানত আনুষংগিক কামত ব্যৱহাৰ কৰা হব।লগতে ডিব্ৰুগড়ত পোন্ধৰশ মানুহ বহিব পৰাকৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ অডিটৰীয়াম আৰু এটা পাচশ লোক বহিব পৰাকৈ আন এটা ষ্টেট অৱ আৰ্ট নিৰ্মাণ কৰা হব। ডিব্ৰুগড়ৰ আৰক্ষীৰ ৰিৰ্জাভ খেলপথাৰখনত নিৰ্মান হব ৰাজ্যিক আৰক্ষী ষ্টেডিয়াম। বৰ্তমানৰ ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান ষ্টেডিয়াম খনৰ আসনৰ সংখ্যা ৫ হাজাৰৰ পৰা তিনি গুণ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়।য’ত ১৫০০০ লোক বহিব পাৰিব।আনহাতেদি ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত হব ফ্লাড লাইটৰ ব্যৱস্থা।ডিব্ৰুগড়ৰ  আমোলাপট্টিৰ ৰেলৱে এখন ফ্লাই অভাৰ,লাহোৱালৰ ৰেলৱে ক্ৰচিঙত এখন আৰু মানকটাত এখনকে ধৰি মুঠ তিনি খন ফ্লাই অভাৰ। জিলাৰ দুটা পথৰ অনুমোদন চেঁচাৰ পৰা ইটাখুলিলৈকে ১৫ কি:মি: দ্বৈতপথৰ নিৰ্মান।আনহাতে ৫ খন নতুন দলঙ হব জিলাখনত।আঘোণীবাৰীৰ পৰা তেলপানী ২৭০ মিটাৰ, দিচাং নদীৰ ওপৰত বৰুৱা নগৰ আৰু মাহমৰা সংযোগী ১৩৫ মিটাৰ,ডিমৌ নদীৰ ওপৰত হুঙহুঙীয়া গাওৰ পৰা নাহৰণী সোণোৱাল গাওলৈ ৪০মিটাৰ আৰু বুঢ়ীদিহিং নদীৰ ওপৰত ৰমাইঘাটৰ পৰা লাচন মিৰি গাওঁলৈ হব আন এখন দলঙ।মদাৰখাট গদাপাহাৰতো হব দলং।আঘোণীবাৰীৰ পৰা খোৱাঙলৈ ২৫ কি:মি: মথাউৰি পকী হব। জিলাখনৰ নাহৰকটীয়াত হকী ষ্টেডিয়াম নিৰ্মাণৰে ঘাইকৈ মহিলাক প্ৰাধান্য দিয়া হব। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ স্থানান্তৰ হব টিংখাঙলৈ আৰু জিলা কেন্দ্ৰীয় কাৰাগাৰ খন পৰৱৰ্তী পৰ্যায়ত হব উদ্যান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এপ্লাইড চাইক’লজি আৰু ভূগোল পাঠ্যক্ৰমৰে দুটা নতুন পাঠ্যক্ৰমৰ সংযোজন ঘটিব।খনিকৰত থকা পাৰ্ক আৰু লক্ষীনাথ বেজবৰুৱা উদ্যান লৈ পাঁচ কোটি টকা অনুমোদন।ৰাজ্যত বিদ্যুতৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।২০২১ চনত ১৯০০ মেগাৱাটৰ বিপৰীতে ২০২২ চনত ২৪০০মেগাৱাটলৈ বৃদ্ধি পায়।ৰাজ্যত উপলব্ধ হোৱা কয়লাৰে সম্ভৱ নহয় আৰু অতিৰিক্ত সম্বল নোহোৱাত ১২ টকা মূল্যত গ্ৰীডৰ পৰা কিনিব লগাত পৰিছে চৰকাৰ।সেয়ে উত্তৰ প্ৰদেশৰ ঘাটামপুৰত নিৰ্মাণ হৈ থকা প্ৰকল্পত ৰাজ্য চৰকাৰে ২০ শতাংশ বিনিয়োগৰ ফলত ৪০০ মেগাৱাৰ্ট বিদ্যুৎ যোগান দিব অসমক।উত্তৰ প্ৰদেশৰ চৰকাৰে ৪৯ শতাংশ আৰু ভাৰত চৰকাৰে ৫১ শতাংশ বিনিয়োগৰে প্ৰকল্পটো হৈ উঠিলে ৰাজ্যই বিদ্যুৎ লাভ কৰাত সহজলভ্য হব বুলি কৈ কাইলৈ এই বিষয়ত আলোচনাৰ বাবে পুনৰ উত্তৰ প্ৰদেশলৈ যোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্ৰেৰক বিভাস দুৱৰা
You might also like