নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাত্ৰী উঠোৱাক লৈ নমহীয়া বিতণ্ডা : বেলশৰত টেম্প’চালকৰ হাতত প্ৰাণ গল টেম্প’ চালকৰ

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : দীৰ্ঘদিন ধৰি দুই টেম্প’ চালকৰ মাজত সংঘাত চলি অহাৰ সময়তে আজি তেনে সংঘাত তীব্ৰ ৰূপ ধাৰন কৰে বেলশৰ থানাৰ অন্তৰ্গত বৰনৰ্দী চ’কত। চ’কটোত আজি বিয়লি সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত হত্যাকাণ্ডত বৰনৰ্দ্দীৰ সমীপৰ বৰক্ষেত্ৰী বৰ্নিৰ মুকুটৰ ৰহমান (৪৫)নামৰ এজন টেম্পো চালকৰ মৃত্যু ঘটিছে। ঘটনাৰ বিবৰণী মতে বেলশৰ থানাৰ অন্তৰ্গত চুৰচুৰী গাঁৱৰ ৰছিদ আলী নামৰ  টেম্পো চালকজনৰ লগত মুকুটৰ ৰহমান নামৰ টেম্পো চালক জনৰ যোৱা প্ৰায় ন মাহ ধৰি টেম্পোত যাত্ৰী উঠোৱাক লৈ সংঘাত সৃষ্টি হয়। এনে সংঘাতৰ মাজতে দুয়ো পক্ষৰ মাজত সংঘাত নিৰাময়ৰ চেষ্টা চলোৱা হৈছিল। জানিব পৰা মতে, এই লৈ বেলশৰ থানাত গোচৰ দিছিল দুয়ো পক্ষই । দুদিন পূৰ্বে দুয়ো পক্ষক মতাই নি আৰক্ষীয়ে মীমাংসাও কৰি দিছিল। ইয়াৰ পিছত আজি আবেলি ৰছিদ আলিয়ে হাতত এখন দা লৈ বৰনৰ্দী চ’কৰ সমীপত চোপ লৈ থাকি টেম্পো চলাই আহি থকা অৱস্থাত বাট আগচি মুকুটৰ ৰহমানক উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাবে আহত কৰে। লগে লগে জনাকীৰ্ণ চ’কটোত হুৱা-দুৱা লাগে।পিছত তেজে তুমৰলি পথত বাগৰে পৰা মুকুটৰ ৰহমানক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে নলবাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে। টেম্প’ চালকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মুকুটৰ পৰিয়াল, আত্মীয়-কুটুম্বই চিকিৎসালয়খনত ভিৰ কৰে। ইপিনে,উক্ত ঘটনাৰ পিছতেই আৰক্ষীয়ে হত্যাকাৰী ৰছিদ আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

 

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like