ভাষাচার্যই দি যোৱা সমলে প্রেৰণা যোগাব নৱপ্রজন্মক
টিহুত ড০ ৰমেশ পাঠকৰ স্মৃতিচাৰণত সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ টিহু সাহিত্য সভাৰ উদ্যোগত আজি টিহু সাহিত্য সভা ভৱন প্রাংগণত টিহুৰ সু–সন্তান ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, সাহিত্যাচার্য ড০ ৰমেশ পাঠকক ৰাজহুৱাভাৱে স্মৰণ কৰা হয়৷ এই উপলক্ষে টিহু সাহিত্য সভাৰ সভাপতি শংকৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৰণ সভাত নির্দিষ্ট বক্তাৰ ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ দীপ্তি ফুকন পাটগিৰিয়ে কয় যে ভাষাচার্য–সাহিত্যাচার্ ড০ ৰমেশ পাঠক এক বিৰল প্রজ্ঞা৷ নিজৰ কর্মই চিৰদিন তেখেতক উজলাই ৰাখিব৷ ড০ পাঠকে বহু ছাত্র–ছাত্রীক জোনাকী জীৱনৰ বাট দেখুৱাইছিল৷ ভাৰতীয় দর্শনত মাতৃৰ স্থান সদায় উচ্চত৷ যি মাতৃৰ সেৱা কৰে তেওঁ অনন্য৷ ড০ পাঠকে ভাষামাতৃৰ সেৱাৰে অনন্য জীৱনৰ অধিকাৰী হৈছে৷ একনিষ্ঠ ভাষাৰ সাধক জীৱন্ত কিংবদন্তি স্বৰূপ ড০ পাঠকে সামগ্রিক অসমীয়া শব্দকোষ অভিধান ৰচি অসমীয়া জাতিক ধন্য কৰিছে৷ পাঠকে অসমীয়া ভাষাৰ উপাদানসমূহৰ সন্ধান দিছে৷ কিন্তু ভাৰতীয় প্রেক্ষাপটত ড০ পাঠকৰ দৰে পণ্ডিতক উপযুক্ত স্থান নিদিয়াটো দুর্ভাগ্যজনক৷
টিহু সাহিত্য সভাৰ সম্পাদক হেমেন ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে কয় যে ড০ ৰমেশ পাঠকৰ অভাৱ পূৰণ কৰিবলৈ অসমৰ বহু সময় লাগিব৷ ড০ পাঠক হেৰাই যোৱা নাই, তেওঁ দি যোৱা সমলখিনিয়ে অসমৰ নৱপ্রজন্মক চিৰদিন প্রেৰণা যোগাই যাব৷ টিহু সাহিত্য সভাৰ কার্যনির্বাহক সদস্যা নীলিমা দেৱী ভাগৱতীৰ বৰগীতেৰে আৰম্ভ কৰা স্মৃতিচাৰণ সভাখনত সন্মানীয় অতিথি অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ, আমন্ত্রিত অতিথি ড০ ৰমেশ পাঠকৰ জোঁৱাই স্বাস্থ্য বিভাগৰ বিষয়া বিপুল ডেকা,বন্তি প্রজ্বলক কৰুণাকান্ত কলিতা আৰু মাল্যার্পক কুঁৱলী পাঠকে ড০ পাঠকৰ কর্মৰাজিৰ গুণানুকীর্তন কৰে৷ সভাৰ পূর্বে শ্রদ্ধাঞ্জলি অনুষ্ঠানত টিহু সাহিত্য সভাৰ বিষয়ববীয়া–সদস্য উপৰি বালি শাখা সাহিত্য সভা, টিহু কলেজ শিক্ষক গোট, টিহু মহকুমা ৰিপ’টার্ছ এছ’চিয়েচন, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু আঞ্চলিক ছাত্র সন্থা, ইলোৰা বিজ্ঞান মঞ্চ টিহু, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু ব্লক কংগ্রেছ কমিটী, টিহু জ্যেষ্ঠ নাগৰিক সন্মিলন, জ্ঞানজ্যোতি মহিলা পৰিষদ আদিকে ধৰি টিহুৰ বিভিন্ন সংগঠন–নুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ড০ ৰমেশ পাঠকৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি কৰুণাকান্ত কলিতাই আৰু মাল্যার্পণ কৰে ড০ পাঠকৰ জীয়ৰী–সর্বশিক্ষা বিভাগৰ বিষয়া কুঁৱলী পাঠকে৷