নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৩.৩০ কোটি লোকে এতিয়া কংগ্রেছ দলক বিশ্বাস–আস্থাত নলয়

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ কংগ্রেছে অসম বচাওঁ কার্যসূচী নহয়, তেওঁলোকে কংগ্রেছ দল বচোৱাৰহে কার্যসূচী লৈছে৷ বিগত ৬০বছৰে অসমখন ধ্বংস কৰিলে৷ এটাও উল্লেখযোগ্য কাম নকৰিলে৷ অসমৰ ৩ কোটি ৩০ লাখ মানুহে এতিয়া কংগ্রেছ দলক বিশ্বাস আৰু আস্থাত নলয়৷ বিজেপি মিত্রশক্তিৰ চৰকাৰখনে অসমখনক বহুত আগবঢ়াই লৈ গ’ল৷ আমাৰ দলৰ চৰকাৰ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্য, বিত্ত, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সকলো দিশতে স্পর্শ কৰাৰ আঁচনি গ্রহণ কৰাত ৰাইজ আজি বিজেপি দলৰ চৰকাৰৰ প্রতি আকৃষ্ট হৈছে৷ আমাৰ দলৰ বিধায়ক জিকোৱাৰ উদ্দেশ্য নহয়৷ অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী সুৰক্ষিত হৈ যাতে অনাদি অনন্তকাললৈ থাকে তাৰ বাবেহে পৰিকল্পনা কৰা হৈছে৷ আজি আবেলি নলবাৰী সমষ্টিৰ অন্তর্গত ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত সঠামৌত প্রায় ৫০ কোটি টকা ব্যয় সাপেক্ষে প্রস্তাৱিত নলবাৰী অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৰাইজৰ প্রতি এনেদৰে মন্তব্য আগবঢ়ায়৷ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শর্মাই আঁতধৰা আধাৰশিলা অনুষ্ঠানত উপায়ুক্ত পূৰৱী কোঁৱৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷

আধাৰশিলা অনুষ্ঠানত উপস্থিত থকা মন্ত্রী ভবেশ কলিতাই ৰসাল অথচ এক তত্ত্বগধুৰ ভাষণ দি ভাৰতীয় জনতা পার্টীয়ে ৰাজ্যৰ উন্নয়নৰ লগতে নলবাৰী সমষ্টিৰ সামগ্রিক উন্নয়নৰ ছবি এখন দাঙি ধৰে৷ মন্ত্রীগৰাকীয়ে নলবাৰী সমষ্টিত বিজেপিৰ প্রার্থীগৰাকীয়ে ৭০–৮০ হাজাৰ ভোট লাভ কৰি নির্বাচিত হ’ব বুলিও দাবী কৰে৷ আনহাতে আধাৰশিলা অনুষ্ঠানত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ উপ–সভাপতি তথা অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ লগতে নলবাৰী সমষ্টিৰ উন্নয়নৰ বাবে বিজেপি দলৰ চৰকাৰখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্য, বিত্ত, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শলাগ লয়৷ ইপিনে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মাই নলবাৰী সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত–শিক্ষা–স্বাস্থ্য আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শলাগ লোৱাৰ উপৰি অন্যান্য মন্ত্রীসকলে নলবাৰী সমষ্টিটোত উন্নয়নত সহায়–সহযোগ কৰা বাবে সকলোকে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে৷ বিধায়কগৰাকীয়ে নলবাৰী সমষ্টিত ৮০ শতাংশ পথৰ উন্নয়ন হোৱা বুলি দাবী কৰে৷ আধাৰশিলা অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ সদস্য পংকজ ডেকা, মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বিজেপি নেতা দিলজিৎ বর্মন, ঘগ্রাপাৰ ৰাজহ চক্রৰ চক্র বিষয়া নন্দিতা হাজৰিকা, লোকনির্মাণ বিভাগৰ (পথ) কার্যবাহী অভিযন্তা দ্বীজেন পাটগিৰি, সহঃ কার্যবাহী অভিযন্তা জীৱনজ্যেতি শর্মা, গৃহ নির্মাণ বিভাগৰ কার্যবাহী অভিযন্তা মহেন্দ্রমোহন দাস, সহকাৰী কার্যবাহী অভিযন্তা ধ্বজেন নাথ আদি উপস্থিত থাকে৷

You might also like