নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ এক নম্বৰত অসম

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ আইন–শৃংখলা ৰক্ষাৰ ক্ষেত্রত দেশৰ আটাইতকৈ ব্যর্থ ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম৷ উন্নয়নৰ ক্ষেত্রত আমাৰ ৰাজ্যখন দেশৰ আটাইতকৈ তলৰ ৩০ নং স্থানত উপনীত হোৱাৰ বিপৰীতে অপৰাধমূলক ঘটনাৰ ক্ষেত্রত দখল কৰিছে এক নম্বৰ স্থান৷ এয়াই হৈছে বিজেপিৰ সর্বশ্রেষ্ঠ আৰু সুৰক্ষিত অসম গঢ়াৰ প্রতিশ্রুতিৰ প্রকৃত স্বৰূপ৷ এই মন্তব্য ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াৰ৷ দলটোৱে প্রকাশ কৰা ‘ভাৰতত সংঘটিত অপৰাধ আৰু অসম’ শীর্ষক হাতপুথিখন মুকলি কৰি শইকীয়াই কয় যে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ ‘নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’’ আৰু ‘ভাৰতত অপৰাধ’ শীর্ষক পৰিসংখ্যাৰ পৰা এই হাতপুথিখন প্রস্তুত কৰা হৈছে৷ তাৰ পৰা দেখা গৈছে যে আইন–শৃংখলা ৰক্ষাৰ ব্যর্থতাৰ দিশৰ পৰা ভাৰতৰ ২৯খন ৰাজ্য আৰু ৭খন কেন্দ্রীয়শাসিত অঞ্চলৰ ভিতৰত অসমে বহু ক্ষেত্রত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগটো আইন–শৃংখলা ৰক্ষাৰ ক্ষেত্রত সাংঘাতিকভাৱে ব্যর্থ হৈছে আৰু বেছিভাগ ক্ষেত্রতে দেশৰ ভিতৰত নিকৃষ্টতম প্রদর্শন কৰিছে৷ ২০১৬ চনত অসম বিধানসভাৰ নির্বাচনত ভাৰতীয় জনতা পার্টীয়ে অসমৰ ৰাইজৰ প্রতি দিয়া আটাইতকৈ ডাঙৰ প্রতিশ্রুতি আছিল অসমক ভাৰতৰ শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা৷ ভাৰতবর্ষৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, সেই সময়ৰ বিজেপিৰ প্রভাৰী মহেন্দ্র সিং, মুখ্যমন্ত্রী পদৰ প্রার্থী সর্বানন্দ সোণোৱাল, বিজেপি নেতা হিমন্ত বিশ্ব শর্মা সকলোৱে ঘোষণা কৰিছিল যে বিজেপিয়ে অসমক দেশৰ ভিতৰত সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিব৷

বিজেপিৰ ইস্তাহাৰ ‘অসম দৃষ্টিপত্র ২০১৬–২০২৫’তো একেই প্রতিশ্রুতি দিয়া হৈছিল৷ কিন্তু ইয়াৰ পূর্বে ৰাজ্যৰ দলে ‘ভাৰতত অসমৰ স্থান’ শীর্ষক এখন হাতপুথিৰ জৰিয়তে উদঙাই দিছিল যে বিজেপিৰ ‘শ্রেষ্ঠতম অসম’ এতিয়া দেশৰ ৩০ নং ৰাজ্য৷ শিক্ষা, স্বাস্থ্য, মূল্যবৃদ্ধি, জনমূৰি আয়, জনমূৰি বিদ্যুৎ লাভ আদি আটাইবোৰ ক্ষেত্রত অসমে ভাৰতৰ আটাইতকৈ তলৰ ৰাজ্য হিচাপেহে বদনাম কঢ়িয়াই আনিছে৷ ইয়াৰ সমান্তৰালভাৱে আজি প্রকাশ কৰা ‘আইন–শৃংখলা ৰক্ষাত সবাতোকৈ ব্যর্থ ৰাজ্য অসম’ শীর্ষক প্রতিবেদনত দেখুৱাই দিয়া হৈছে যে মুঠ ৩০টা অপৰাধৰ ক্ষেত্রত অসমে দেশৰ ভিতৰত ৩০ নং স্থান দখল কৰিছে৷ অপহৰণ আৰু পণবন্দী, মহিলা অপহৰণ আৰু পণবন্দী, মহিলাৰ বিৰুদ্ধে অপৰাধ, বলপূর্বক বিয়া কৰাবলৈ মহিলাক অপহৰণ, নাবালিকা হস্তগত কৰা, পূর্বৰ বছৰৰ পৰা অমীমাংসিত গোচৰ, তদন্ত চলি থাকোঁতে খাৰিজ কৰা গোচৰ, ইচ্ছাকৃতভাৱে বিপজ্জনক অস্ত্র ব্যৱহাৰ, কর্মক্ষেত্রত মহিলাক যৌন আতিশস্য, ৰে’ল দুর্ঘটনা সম্পর্কীয় অৱহেলাৰ বাবে মৃত্যু, অন্যান্য অৱহেলাৰ বাবে মৃত্যু, অন্যান্য সৰু–সুৰা অন্যায়, অন্যান্য মাৰাত্মক অন্যায় সাধন, দৃষ্টিৰতি, বিভিন্ন দলৰ মাজত শত্রুতা বঢ়াবলৈ কৰা অপৰাধ, নথি–পত্র জালিয়াতি, পতি বা আত্মীয়ৰ দ্বাৰা হিংসা, বাল্যবিবাহ, ট্রেডমার্ক আইন উলংঘা, উদ্ধাৰ নোহোৱাকৈ থকা অপহূত লোকৰ সংখ্যা, ছাইবাৰ ক্রাইম আদি ক্ষেত্রত দেশৰ ভিতৰতে অসম প্রথম স্থানত আছে৷ এই তথ্যসমূহ সদৰী কৰি ৰাইজৰ দলৰ কার্যকৰী সভাপতিগৰাকীয়ে কয় যে নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ তথ্যই প্রমাণ কৰে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগটো দেশৰ ভিতৰতে নিকৃষ্টতম৷ গৃহমন্ত্রী হিচাপে সর্বানন্দ সোণোৱালে দেশৰ ভিতৰতে ব্যর্থ৷

You might also like