মুকালমুৱাত ইউডিএফৰ নেতাসহ ২ সহস্রাধিকৰ বিজেপিত যোগদান
বিজেপিয়ে বিনাশ–বিভাজনৰ নীতিত বিশ্বাস নকৰেঃ দিলীপ শইকীয়া
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ সংখ্যালঘু বসতিপ্রধান বৰক্ষেত্রীত কংগ্রেছ, এ আই ইউ ডি এফক তীব্র প্রত্যাহ্বান জনাই ২০২১ৰ বিধানসভা নির্বাচনৰ ৰণশিঙা বজালে শাসকীয় বিজেপিয়ে৷ বিগত চাৰিটা কার্যকালত কংগ্রেছৰ প্রাক্তন মন্ত্রী তথা ৰাজ্যৰ প্রবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বর্মনৰ দখলত থকা বৰক্ষেত্রীত ২০১৬ৰ বিধানসভা নির্বাচনত নাৰায়ণ ডেকাই প্রথমবাৰলৈ বিজেপিৰ বিধায়ক হিচাপে নির্বাচিত হয়৷ এইবাৰ আগন্তুক নির্বাচনৰ প্রাক্মুহূর্তত আজি সমষ্টিটোত এখন বিশাল সমাৱেশ পাতি দলটোৰ পুনৰবাৰ শক্তি প্রদর্শন কৰাত ৰাজনৈতিক মহলত বিশেষ তাৎপর্য বহন কৰিছে৷ বৰক্ষেত্রীৰ মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত বিশাল জনসভাত দুই সহস্রাধিক কংগ্রেছ, এ আই ইউ ডি এফ, অগপৰ নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷ ভাৰতীয় জনতা পার্টীৰ বৰক্ষেত্রী আৰু বৰভাগ মণ্ডলৰ সৌজন্যত আৰু স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ উদ্যোগত অনুষ্ঠিত বিশাল যোগদান সভাখনত এ আই ইউ ডি এফৰ ৰাজ্যিক সম্পাদক আলিমুদ্দিন আহমেদে পিন্ধিলে গেৰুৱা বসন৷ বিজেপিৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক কুমাৰ শর্মা আৰু জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে আঁত ধৰা আৰু চফিউৰ ৰহমান চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয়– বিজেপিয়ে বিকাশৰ ৰাজনীতি কৰিছে৷ সমবিকাশ–সমদৃষ্টি হৈছে বিজেপিৰ মূল লক্ষ্য৷ হিন্দুত্ববাদ মানে মুছলমান, খ্রীষ্টানবিৰোধী নহয়৷
বিজেপিয়ে বিনাশ আৰু বিভাজনৰ নীতি বিশ্বাস নকৰে৷ ঈশ্বৰ, আল্লা বিজেপিৰ বাবে একে৷ সকলো ধর্মৰ মানুহক বিজেপিয়ে সমভাৱে চায়৷বিজেপি এতিয়া ৰাইজৰ দল৷ কংগ্রেছ দলক ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছ দলে শোষণ–বঞ্চনা কৰিছে৷ কংগ্রেছৰ শাসনকালত মধ্যভোগী দালালে দুখীয়া ৰাইজৰ বাবে অহা উন্নয়নৰ ধন আত্মসাৎ কৰিছে৷ ইপিনে, বিধায়ক নাৰায়ণ ডেকাৰ কাম–কাজক প্রশংসা কৰি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শইকীয়াই কয় যে ২০২১ৰ নির্বাচনত নাৰায়ণ ডেকাই পূর্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত৷ এমজিএনৰেগাৰ অধীনত বৰক্ষেত্রীত ১৮০ কোটি টকাৰ কাম কৰি বিধায়ক ডেকাই ভাৰতবর্ষৰ ভিতৰতে নজিৰ স্থাপন কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ সভাত বিধায়ক নাৰায়ণ ডেকাই ভাষণ প্রদান কৰি কয়– বৰক্ষেত্রী সমষ্টিটো ’২১ৰ নির্বাচনতো নৰেন্দ্র মোদীক উপহাৰ দিয়াটো খাটাং৷ আজিৰ বিশাল জনসভাই তাৰে ইংগিত দিছে৷ বৰক্ষেত্রী আজিৰ পৰা কংগ্রেছমুক্ত হ’ল বুলিও তেওঁ দাবী কৰে৷ সভাত অংশগ্রহণ কৰি সাংসদ কুইন ওজাই কয়– ‘বিজেপিৰ সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে যিসকলে ষডযন্ত্র কৰিছে সেইসকলৰ আজি সান্দহ খোৱা বালি তল গৈছে৷ প্রলোভনৰ ৰাজনীতিৰে আজি কাম নহয়৷ নাৰায়ণ ডেকাই সকলো ধর্মৰ লোকক লগত লৈ ৰাজনীতি কৰিছে৷ কংগ্রেছে ৰাইজক কেৱল ভোটৰ বাবে ব্যৱহাৰ কৰিছে৷ বিজেপি সাম্প্রদায়িক দল নহয়৷’ দহ সহস্রাধিক লোকে অংশগ্রহণ কৰা সভাখনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, বিজেপিৰ জিলা প্রভাৰী মনোজ বৰুৱা, বৰক্ষেত্রী সমষ্টিৰ প্রভাৰী ত্রিনয়ন বর্মন, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বিশিষ্ট সমাজসেৱী শ্বেখ মোবাৰক হুছেইন, বিজেপি নেতা অনিল দাস, মাণিক তালুকদাৰ, নয়ন তালুকদাৰ, দামোদৰ কলিতা, আজগৰ আলী, দেৱজিৎ মহন্ত আদি উপস্থিত থাকে৷ উক্ত যোগদান কার্যসূচীত বৰক্ষেত্রী ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক মফিজুৰ ৰহমান, কংগ্রেছ নেতা মতিউৰ ৰহমান, কিশোৰী নাথ, আব্দুল মতলেব আদিকে ধৰি দুই সহস্রাধিক লোকে বিজেপিত যোগদান কৰে৷