ধুবুৰীত পৌৰসভা নিৰ্বাচনক লৈ তুংগত ৰাজনীতি
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ আগন্তুক পৌৰসভা নিৰ্বাচনক লৈ বৰ্তমানে ধুবুৰীত আৰম্ভ হৈছে ব্যাপক ৰাজনৈতিক তৎপৰতা। অইনবাৰৰ দৰে এইবেলিও ধুবুৰী পৌৰসভা দখলৰ মূল নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ’ব বুলিয়েই অনুমান কৰা হৈছে। অৱশ্যে ১৬টা ৱাৰ্ডৰ ধুবুৰী পৌৰসভা এলেকাৰ জনবিন্যাস গাঁথনিৰ বাবে কেইবাটাৰ বাহিৰে অধিকাংশ ৱাৰ্ডতে মিত্ৰজোঁট বিজেপি–অগপ দলে অধিক সুবিধাজনক স্থিতিত থকা বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই।
ইপিনে বিগত ১০ বছৰে ধাৰাবাহিকভাৱে ধুবুৰী পৌৰসভা দখলত ৰখা বিজেপিৰ মূল যুঁজখন এইবাৰ দৰাচলতে বিজেপিৰ মাজতে হ’ব বুলিও কিন্তু চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। এইবাৰ ধুবুৰী পৌৰসভাৰ ৱাৰ্ডে ৱাৰ্ডে বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ সংখ্যাই জন্ম দিছে এই চৰ্চাৰ। তদুপৰি ধুবুৰী বিজেপিৰ ভিতৰচৰাত একাংশৰ মাজত ভিতৰি ভিতৰি থকা শীতল যুদ্ধই পৌৰসভা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নোহোৱা নহয় বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় মহল একাংশই।
ইয়াৰ মাজতে আকৌ অঞ্চলটোৰ উন্নয়নমূলক কাম–কাজক লৈ বিতুষ্ট বিজেপিৰ দুৰ্গ বুলি পৰিচিত ধুবুৰী পৌৰসভা এলেকাৰ এটা ৱাৰ্ডৰ বিজেপি সমৰ্থক একাংশৰ মাজত ‘ন’টা’ত ভোট দিয়া–নিদিয়াৰ বিষয়টো লৈ চিন্তা–চৰ্চা চলি থকা বুলিও জানিব পৰা গৈছে। তদুপৰি আগলৈ গৈ বিজেপিয়ে ধুবুৰী পৌৰসভা নিৰ্বাচনত বিজয়ী হ’লে পৌৰসভাৰ অধ্যক্ষৰ পদক লৈও টনা–আঁজোৰা লগাৰো সম্ভাৱনা নোহোৱা নহয়। এনে প্ৰেক্ষাপটত এইবাৰ ধুবুৰী পৌৰসভা দখলৰ নিৰ্বাচনী যুঁজখন আগলৈ গৈ কি ৰূপ লয় সেয়া লক্ষণীয় হ’ব বুলিয়েই বিৱেচিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী