ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ মুঠ ১০০টা ভোটকেন্দ্ৰত কাইলৈ হ’ব ভোটগ্ৰহণ
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত হৈছে ধুবুৰী জিলা প্ৰশাসন। উল্লেখ্য যে, এইবেলি ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ –এই তিনিটা পৌৰসভাৰ মুঠ ১০০টা ভোটকেন্দ্ৰত কাইলৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইয়াৰে ধুবুৰী পৌৰসভাৰ ৬৫টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে গৌৰীপুৰ পৌৰসভাৰ ২৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
আনহাতে, গোলকগঞ্জ পৌৰসভাত আছে মুঠ ১১টা ভোটকেন্দ্ৰ। এই তিনিটা পৌৰসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীস্থ জিলা পৰিষদ কাৰ্যালয়ত স্থাপন কৰা অস্থায়ী ‘‘ষ্ট্ৰং ৰূম’’ৰ পৰা কটকটীয়া নিৰাপত্তাৰে ইভিএম মেছিনসহ ভোটগ্ৰহণত নিয়োজিত বিষয়া–কৰ্মচাৰীসকলক নিজৰ নিজৰ ভোটকেন্দ্ৰলৈ পঠিওৱাৰ যাৱতীয় ব্যৱস্থা কৰিছে প্ৰশাসনে।
উল্লেখ্য যে এইবাৰ ধুবুৰীৰ মুঠ ১৬টা ৱাৰ্ডৰ মুঠ ৫০,৫৮৪ গৰাকী ভোটাৰৰ ২৪,৭৮৭ গৰাকী পুৰুষ আৰু ২৫,৮০৭ গৰাকী হ’ল মহিলা ভোটাৰ। আনহাতে গৌৰীপুৰৰ ১৩টা ৱাৰ্ডৰ মুঠ ২১,৩৮৯ গৰাকী ভোটাৰৰ গৰাকী ১০,৫৩৬ গৰাকী পুৰুষ আৰু ১০,৮৫৩ গৰাকী মহিলা ভোটাৰ। ইপিনে গোলকগঞ্জ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ মুঠ ১০,৪৭৬ গৰাকী ভোটাৰৰ ৫,৩১৮ গৰাকী পুৰুষ আৰু ৫,১৩৮ গৰাকী হ’ল মহিলা ভোটাৰ।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী