নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্দ্ধিত পৌৰ কৰ বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:  শেহতীয়াভাৱে অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহকৰকে আদি কৰি অনান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে বিভিন্ন স্থানত জনসাধাৰণ ক্ষোভিত হৈ পৰা লগতে ইয়াৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যলয়ত ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰি পৌৰসভাৰ সিদ্ধান্ত তীব্ৰ বিৰুধীতা কৰে। সভাপতি উদয়ন বৰুৱা আৰু সম্পাদক গৌৰাঙ্গ গগৈৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী পালন কৰি দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী মূল্যবৃদ্ধিয়ে জৰুলা কৰা জনসাধাৰণৰ বাবে বৰ্দ্ধিত কৰৰ বোজা বহন কৰা সম্ভৱ নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিখন পৌৰনিগম আৰু পৌৰসভাত স্থানীয়ভাৱে জনশুনানী আৰু ৰাজহুৱা ওজৰ আপত্তি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া স্বত্বেও অতি কৌশলৰে জনশুনানী বা ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ দিয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে জনবিৰোধী কাৰ্য্যৰ গৰিহণা জনায়।ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতি বাতিলৰ দাবীত ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয় সন্মূখত ধৰ্ণা ঙ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে।স্মাৰকপত্ৰত অসম চৰকাৰৰ গৃহ আৰু নগৰপৰিক্ৰমা বিভাগে পৌৰকৰ সন্দৰ্ভত যোৱা ইং ১০ মাৰ্চ ২০২৩তাৰিখে জাৰি কৰা জাননী বাতিল কৰাৰ লগতে সামগ্ৰিকভাৱে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ তৎকালে বাতিল কৰা আৰু অসম পৌৰসভা আইনক (১৯৫৬) সন্মান জনাই নতুন পৌৰকৰ ধাৰ্য্য কৰাৰ পূৰ্বে সংশ্লিষ্ট পৌৰনিগম বা পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা জৰীপ কৰোৱাই তাৰ ভিত্তিত কৰৰ নিৰিখ ধাৰ্য্য কৰাৰ লগতে সেই নিৰিখ চূড়ান্ত কৰাৰ পূৰ্বে এমাহৰ সময় দি ৰাজহুৱা শুনানী আৰু ওজৰ আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ৷তাৎপৰ্য পূৰ্ণ যে, ডিব্ৰুগড়ৰ পৌৰসভাৰ পূৰ্বৰ সুমা চক্ৰৱৰ্তীৰ নেতৃত্বাধীন বিজেপি পৌৰসভাৰ চৰম দূৰ্নীতি শেহতীয়াকৈ পৌৰপতি ডা° সৈকত পাত্ৰ আৰু উপ পৌৰপতি উজ্জ্বল ফুকনৰ নেতৃত্বত সুচাৰুভাৱে চলিব বুলি আশা কৰা হৈছিল যদিও পাত্ৰ আৰু ফুকন দুয়োজনৰ নেতৃত্বত একপ্ৰকাৰ অৰাজক হে হৈ পৰা অভিযোগ উৎথাপিত হৈছে।নিজৰ মই মতালিৰে সমগ্ৰ ডিব্ৰুগড়ৰ চহৰৰ পথ উপ পথ সমুহত পাৰ্কিংৰ ব্যৱস্থা কৰা লগতে পূৰ্বৰ তুলনাত অত্যাধিক কৰ বৃদ্ধি কৰি এক প্ৰকাৰ লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।তদুপৰি শেহতীয়াকৈ পৌৰসভাৰ এলেকাত নিৰ্মাণ হব লগা পথ পকীকৰণ আৰু পুল নিৰ্মাণৰ বাবে নীতি বহিভূত ভাবে একাংশ বিজেপি কৰ্মী তথা পালি নেতাকহে গোপনীয় ভাৱে ঠিকা আবণ্টনূই নহয় একপ্ৰকাৰ অঘোষিত বজাৰ সৃষ্টি কৰা বুলি নগৰ বাসীৰ মুখে মুখে।তদুপৰি পৌৰকৰ্মীৰ পাপ্যৰ পৰা বঞ্চিত হৈ বিভিন্ন সময়ত আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like