নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱৰ্জনাৰে ভৰি পৰিল মৰিয়নি নগৰ : মৰিয়নি পৌৰকৰ্মীৰ ধৰ্মঘট

বিশেষ বাৰ্তা, ২১ আগষ্টঃ পৌৰ কৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লগতে পৌৰ কৰ্মচাৰীসকলক ৩৭ মাহলৈকে আদায় নিদিয়া দৰমহা শীঘ্ৰেই আদায় দিয়াৰ দাবীত যোৱা ১৯ ডিচেম্বৰৰ পুৱা ৫ বজাৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা সৰ্বাত্মক ধৰ্মঘট কাৰ্য্যসূচী আজি বিয়লি পাঁ‌চ বজৱত সামৰণি পৰে। সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মৰিয়নি পৌৰসভাৰ কৰ্মচাৰীসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ফলত বিগত তিনিদিন ধৰি মৰিয়নি পৌৰসভাত কামকাজ স্থবিৰ হৈ পৰিছিল। পৌৰসভাৰ চাফাই কৰ্মীসকলেও হাতত ঝাৰু তুলি নোলোৱাত স্বাভাৱিকতে মৰিয়নি নগৰত এক আৱৰ্জনাময় পৰিবেশৰ সৃষ্টি হয়। সমগ্ৰ মৰিয়নি নগৰ আৱৰ্জনাৰে ভৰি পৰে । মৰিয়নি নগৰৰ মাজ মজিয়াত থকা প্ৰতিটো ডাষ্টবিন আৱৰ্জনাৰে ভৰি পৰাৰ লগতে দুৰ্গন্ধ বিয়পিবলৈ আৰম্ভ কৰাত সমগ্ৰ অঞ্চলৰ পৰিবেশ বিনষ্ট কৰি পেলাইছে। ইফালে, সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, গণতান্ত্ৰিকভাৱে জনোৱা আন্দোলনৰ ৰাজ্য চৰকাৰে কোনো সঁ‌হাৰি নজনালে। কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নিৰ পৌৰ কৰ্মচাৰীসকলে কাইলৈ অৰ্থাৎ ২২ ডিচেম্বৰৰ পৰা সাময়িকভাৱে এই ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে। কিন্তু আগন্তুক মাঘৰ বিহুৰ পিছত চৰকাৰে তেওঁলোকৰ দাবী নামানিলে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব বুলিও লগতে তেওঁলোকে সকিয়াই দিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like